সাম্প্ৰতিক সময়ত মূল সুঁতিৰ সংবাদ সংস্থাসমূহে চৰকাৰৰ ওচৰত একপ্ৰকাৰ শিৰনত কৰি আওপকীয়াকৈ চৰকাৰৰ বহতীয়া সদৃশ হৈ পৰিছে। দেশৰ লগতে অসমৰ বহু জ্যেষ্ঠ সাংবাদিকে দেখদেখকৈ শাসকীয় দলৰ অঘোষিত মুখপাত্ৰৰ দৰে আচৰণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে দুই-এগৰাকী মুষ্টিমেয় সাংবাদিকে আজিও সাংবাদিকতাৰ ধৰ্ম অক্ষুন্ন ৰাখি কলম চলাই গৈছে। তেনে এগৰাকী জ্যেষ্ঠ সাংবাদিক হৈছে ললিত গগৈ। নিজে কৰ্তব্যৰত কাকতখনত চৰকাৰৰ ভুল নীতিক লৈ বা-বাতৰি কৰি অহাৰ লগতে ছ’চিয়েল মিডিয়াযোগেও অহৰহ ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। News Next Oneৰ পঢুৱৈসকলৰ বাবে আজি দেওবৰীয়া বিশেষত আগবঢ়োৱা হ’ল ছ’চিয়েল মিডিয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এই সপ্তাহটোত আপলোড কৰা ৫টা গুৰুত্বপূৰ্ণ পোষ্ট।

৮ অক্টোবৰ, ২০২৩

মাটিৰ কথা বৰকৈ চৰ্চিত হৈ আছে। ২৯ বিঘা, এশ বিঘা, আনকি শেহতীয়াকৈ হেজাৰ বিঘাৰ কথাও ওলাইছে। সেয়ে ভাবিলো মাটি খকুৱা মানুহবোৰক হেম বৰুৱাৰ কথাই এবাৰ মনত পেলাই দিও। ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ এই তিনিটা কাৰ্যকালৰ সাংসদ আছিল তেওঁ। সাহিত্য চৰ্চাৰ কথা বাদেই দিলো, অসমৰ প্ৰতি তেওঁৰ অৱদান, অসমৰ সমস্যাসমূহক লৈ সাংসদৰ মজিয়াত তেওঁৰ সিংহগৰ্জন তুলনাবিহীন। ভাৰতীয় সংসদৰ এগৰাকী প্ৰথম শ্ৰেণীৰ সাংসদ হিচাপে ইতিহাসত নিজৰ নাম লিখি থৈ যোৱা হেম বৰুৱাৰ বিশাল ব্যক্তিত্ব আৰু অধ্যয়নৰ ওচৰত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও মূৰ তল কৰিছিল। এনে এজন শক্তিশালী নেতাই ইচ্ছা কৰা হ’লে নিজৰ বাবে নহ’লেও পত্নী অনুৰূপা দেৱীৰ নামতেই গো-গ্ৰাসে সম্পত্তিৰ পাহাৰ গোটাব পাৰিলেহেতেঁন! অথচ পাৰ্থিৱ সা-সম্পদ আহৰণত তেওঁ আছিল অতি নিস্পৃহ। নিজৰ বাবে একোৱেই নকৰা দেখি বন্ধুবৰ্গই গুৱাহাটীত অন্ততঃ ঘৰ-মাটি এডোখৰকে যোগাৰ কৰিবলৈ ক’লে ভেকাহি মাৰি উঠিছিল। পত্নীও আছিল আপোনভোলা। স্বামীক দেশ-জাতিৰ সেৱাৰ বাবে অহৰহ প্ৰেৰণা দি নিজেও প্ৰজা ছ’চিয়েলিষ্ট দলৰ সাংগঠনিক কামত নিয়োজিত হৈ আছিল। 

মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী মতিৰাম বৰাই সাংসদ বৰুৱাৰ গুৱাহাটীত ঘৰ-মাটি নথকাৰ সম্ভেদ পাই এক পত্ৰযোগে জনাইছিল যে চৰকাৰে তেওঁৰ নামত এডোখৰ মাটি আবণ্টন দিব খোজে। এতেকে মতামত লাগে। সেই পত্ৰৰ উত্তৰত তেওঁ লগে লগে জনাই দিছিল, 'মোৰ ঘৰ-মাটিৰ কথা আপুনি চিন্তা কৰিব নালাগে। যোৰহাটৰ তৰাজানত থকা পিতৃৰ ঘৰ-মাটিৰেই মোৰ চলি যাব। চৰকাৰৰ সঁচাই যদি মাটি দিয়াৰ মন তেন্তে মাটিহীন পৰিয়ালবোৰক মাটি দিয়ক। আমাৰ বি-বৰুৱা কলেজখনৰ বাবে আহল-বহল ঠাই এডোখৰত মাটি আবণ্টনৰ ব্যৱস্থা কৰক।’ এইজনেই আছিল হেম বৰুৱা, যি ওৰে জীৱন দেশ-জাতিৰ হকে ত্যাগৰ বিপৰীতে নিজৰ মাটি-ঘৰ, সা-সম্পত্তিৰ প্ৰতি চূড়ান্ত নিস্পৃহ আছিল। শেষত তেওঁৰ বন্ধু ধীৰেণ বৰুৱা আৰু ৰাজমল ডেকাই উপযাচি মহানগৰীৰ গান্ধীবস্তিত তেওঁৰ বাবে এডোখৰ মাটি লৈ দিছিল। ইয়াতেই তেওঁ পৰৱৰ্তী জীৱন অতিবাহিত কৰিছিল। ক্ষমতাৰ বলত বলীয়ান হৈ নিজৰ পো-পৰিয়ালৰ নামত সমগ্ৰ ৰাজ্যখনকে গ্ৰাস কৰিব খোজা নেতাৰ বাবে এইবোৰ আজি সাধুকথা।

৭ অক্টোবৰ, ২০২৩

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জিলাৰ চৰকাৰী ভ্ৰমণ বা কাৰ্যসূচীৰ বেলিকা হোৱা খা-খৰছৰ পৰা জিলা প্ৰশাসনক ৰেহাই দিব খুজিছে। সিবিলাকৰ নামত হোৱা খা-খৰছ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিজে বা সংশ্লিষ্ট বিভাগে বহন কৰিব লাগিব। জিলা প্ৰশাসনৰ অলাগতিয়াল খা-খৰছ ৰোধৰ বাবেই এই ব্যৱস্থা। ই ৰাজ্যৰ আৰ্থিক সংকটৰ ইংগিত দিলেও তাৰ পৰা কিবা সকাহ পোৱা যাব বুলি আশা কৰিব নোৱাৰি। এয়া শাকত নাখাই লোণ, পিটিকাত যায় চাৰিগুণৰ লেখিয়া। জিলা প্ৰশাসনক ৰেহাই দিলে কি হ’ব; বেলেগ উৎসৰ পৰা হ’লেও সিবিলাকৰ নামত হোৱা খা-খৰছ মূলতঃ চৰকাৰী ৰাজকোষৰ পৰাই যাব। এয়া বিত্তীয় সংস্কাৰৰ নামত ভেকোভাওনাৰ বাদে আন একো নহয়। বিমলা প্ৰসাদ চলিহাৰ দিনত মুখ্যমন্ত্ৰীৰ বাদে আন মন্ত্ৰীসকল জিলা ভ্ৰমণলৈ গ’লে জিলা উপায়ুক্ত বা আৰক্ষী অধীক্ষকসকলে  দেখা সাক্ষাৎ কৰা বাধ্যতামূলক নাছিল। কিন্ত এতিয়া মুখ্যমন্ত্ৰীৰ পত্নী জিলা ভ্ৰমণলৈ গ’লেও তেওঁলোকে অভ্যৰ্থনা কৰিব লাগে।

৫ অক্টোবৰ, ২০২৩

মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে এদিনৰ বাবেও লাৱণ্য সিংহক চৰকাৰী বাসগৃহত আশ্ৰয় নিদিয়া, চৰকাৰী বাহন ব্যৱহাৰ কৰিবলৈ নিদিয়া, ক্ষমতা আৰু প্ৰভাৱ খটুৱাবলৈ নিদিয়া শৰৎ চন্দ্ৰ সিংহৰ কথা সকলোৰে বিদিত। মুখ্যমন্ত্ৰী হিচাপে হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াৰ সৰল আৰু নিৰ্লোভ জীৱনৰ কথাও ঘনিষ্ঠসকলে লিখিছে। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈৰ সহজ-সৰল জীৱন-যাপনৰ ওপৰতো সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে অলপতে এই ফেচবুকত আলোকপাত কৰিছে। মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পত্নী আজলীতৰা বৰবৰাও ইয়াৰ ব্যতিক্ৰম নাছিল। কোনে জানে যে গোলাপ বৰবৰাৰ ৰাজনৈতিক সংগ্ৰামৰ কালছোৱাত অভাৱৰ জোৰা মাৰিবলৈ নিজৰ সোণৰ গহণা কেইপদ তেওঁ বিক্ৰীৰ বাবে স্বামীৰ হাতত হাঁহিমুখে তুলি দিছিল।

পৰৱৰ্তী সময়ত বৰবৰা মুখ্যমন্ত্ৰী হ’ল। সেইসময়ত আজলীতৰাই চাহ বাগিচা, বিঘাই বিঘাই মাটি, চৰকাৰী ৰাজসাহায্য আদিকে ধৰি সা-সম্পত্তিৰ পাহাৰ গোটাবলৈ এদিনো তেওঁক খাটনি ধৰা নাছিল। ক্ষমতা আৰু প্ৰতিপত্তি প্ৰৰ্দশন দূৰৰ কথা, বিলাসী সাজপোছাক আৰু আ-অলংকাৰবিহীন এগৰাকী সাধাৰণ গৃহিনী হিচাপেই অৱস্থান লৈ মুখ্যমন্ত্ৰী বৰবৰাক সকলো সময়তে কোনো প্ৰলোভনত ভৰি নিদিবলৈ, ক্ষমতাৰ বাহাদুৰি নেদেখুৱাবলৈ অহৰহ উপদেশ দি আহিছিল। পত্নীৰ সেই মনোবলৰ বাবেই মুখ্যমন্ত্ৰী বৰবৰাই দলীয় বিসম্বাদীসকলে তেওঁক নেতৃত্বৰ পৰা অপসাৰণৰ ভয় দেখুওৱাৰ সময়ত দৃঢ়তাৰে কব পাৰিছিল, 'মন্ত্ৰীসভাখন মোৰ পৈতৃক সম্পত্তি নহয় যে আপোনালোকৰ নীতি-বৰ্হিভূত প্ৰস্তাৱ মানি লম আৰু মন্ত্ৰীসভা ভাগিব বুলি ভয় খাম। মোক প্ৰলোভন নেদেখুৱাব। দুৰ্নীতিক নীতি কৰি ক্ষমতা ধৰি ৰাখিবলৈ মই প্ৰস্তুত নহয়।’ পত্নীৰ স্মৰণত গোলাপ বৰবৰাই নিজেই এইখিনি কথা লিখি থৈ গৈছে।

৪ অক্টোবৰ, ২০২৩

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহাদুৰি এয়াই যে একেবোৰ ঘোষণাকে বছৰৰ পিছত বছৰ কৰি বাহঃ বাহঃ লৈ থাকিব পাৰিছে। পূৰ্বৰ ঘোষণা কি হ’ল বুলি কোনেও প্ৰশ্নৰ অৱতাৰণা নকৰে। এতেকে অকাই-পকাই একেবোৰ ঘোষণাকে বিভিন্ন সময়ত কৰি থাকে আৰু ৰাইজো তাতে প্ৰশংসাত পঞ্চমুখ। সেইবোৰ তথ্যসহ দাঙি ধৰিবলৈ গ’লে এখন মহাভাৰত হ’ব। উদাহৰনস্বৰূপে অলপতে এক বৈঠকত সিদ্ধান্ত লৈছে যে ৰাজ্যৰ পাঁচ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ উন্নয়নৰ বাবে তেওঁলোকৰ আৰ্থসামাজিক মূল্যায়ন কৰিব চৰকাৰে। অথচ সেই সম্প্ৰদায়কেইটাৰ বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰিবৰ বাবেই ক্ষমতাত অধিষ্ঠিত হৈয়ে ৭ খন কমিটি গঠন কৰি দিছিল আৰু কমিটিসমূহে দিয়া প্ৰতিবেদনৰ ভিত্তিতে কেবিনেটে সম্প্ৰদায়কেইটাক খিলঞ্জীয়াৰ মৰ্যদা প্ৰদান কৰিছিল।

তাৰ আগতে ২০১৯-২০ বৰ্ষৰ বাজেটত বিত্ত মন্ত্ৰী হিচাপে তেওঁৱেই ঘোষণা কৰিছিল যে খিলঞ্জীয়া মুছলমানসকলৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ মূল্যায়নৰ বাবে এক আৰ্থ সামাজিক জৰীপ কৰা হ’ব। তদুপৰি তেওঁলোকৰ বাবে ১০০ কোটি টকা ব্যয়সাপেক্ষে এক উন্নয়ন নিগম গঠন কৰা হ’ব; যি নিগমে খিলঞ্জীয়া মুছলমানসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব। তাৰ পিছত ২০২০-২১ বৰ্ষৰ বাজেটত কোৱা হ’ল যে আমাৰ চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে আৰ্থ-সামাজিক জৰীপৰ কাম আৰম্ভ কৰিছে। ইয়াৰ ফলত খিলঞ্জীয়া মুছলমানসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব। তেনেস্থলত কালিৰ বৈঠকযোগে পুনৰ একেটা ঘোষণা তেওঁলোকক ভালৰি লগোৱাৰ কৌশলৰ বাদে আন একো নহয়।

৩ অক্টোবৰ, ২০২৩

ভাৰতীয় সংবাদ মাধ্যমৰ জন্মলগ্নৰ ইতিহাসেই হৈছে স্বেচ্ছাচাৰী শাসক পক্ষৰে সাংবাদিক তথা সম্পাদকৰ বিৰোধ। ভাৰতীয় সংবাদপত্ৰৰ জনক জেমছ অগষ্টাচ হিকি নিজে ইংৰাজ হোৱা সত্বেও ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত হিকিজ জাৰ্নেলৰ প্ৰকাশক-সম্পাদক হিচাপে ভুল-ক্ৰটিৰ অবিৰত সমালোচনা কৰিবলৈ গৈ কাৰাবন্দীত্বকে ধৰি কি নগুৰ-নাগতি ভোগ কৰিছিল সেয়া ইতিহাসত লিপিবদ্ধ হৈ আছে। স্বাধীনতা সংগ্ৰাম কালতো বিভিন্ন সংবাদ মাধ্যমৰ ওপৰত নানা বাধা-নিষেধ জাপি দিয়া হৈছিল। সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰা ইন্দিৰা গান্ধীৰ জৰুৰীকালীন শাসনৰ কথা নকলেও হয়। নিজৰ গাদী ৰক্ষাৰ বাবে মুকলিভাবেই ইন্দিৰাই প্ৰেছ চেন্সৰশ্বিপ আৰোপ কৰিছিল। প্ৰকাশক ৰামনাথ গোৱেংকাকে ধৰি কেবাজনো প্ৰখ্যাত সাংবাদিকক বিনা বিচাৰে আটক কৰা হৈছিল।

বৰ্তমানৰ শাসকীয় চৰকাৰখনে তাক ভাৰতীয় গণতন্ত্ৰৰ কলা অধ্যায় আখ্যা দিয়াই নহয়; সেই দিনবোৰ সোৱঁৰাই দিবলৈ গৈ জৰুৰীকালীন শাসন ঘোষণা হোৱা দিনটোত অমিত শ্বাহ; হিমন্ত বিশ্ব শৰ্মা আদিয়ে কাকতত প্ৰৱন্ধ-নিবন্ধও লিখে। কিন্ত মনত ৰখা ভাল যে সাময়িক জয়লাভ হ’লেও ইন্দিৰাই বেছিদিন সংবাদ মাধ্যমৰ টেঁটু চেপি ৰাখিব নোৱাৰিলে বৰং পৰিৱৰ্তিত পৰিস্থিতিত নিজেই ক্ষমতাচ্যুত হবলগীয়া হ’ল। সেই ইতিহাসৰ পৰা যদি আজিৰ শাসকে শিক্ষা ল’ব খোজা নাই তেন্তে এয়া চৰম মূৰ্খামিৰ বাদে আন একো নহয়।