গুৱাহাটীঃ অসম গণ পৰিষদলৈ দলে-বলে আহিবলৈ সাজু হৈছে বলিষ্ঠ আঞ্চলিকতাবাদী নেতা তথা একালৰ যুৱ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰ।এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ-ইষ্ট ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰছ এণ্ড ডাইৰাক্টৰছ ফৰামৰ সভাপতি শ্ৰী ৰাজকোৱঁৰে অগপ নেতৃত্বৰ আমন্ত্ৰনক্ৰমে সমুহ সতীৰ্থসহ অহা শনিবাৰে আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অগপলৈ উভতি আহিব।

উল্লখ্য যে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজকোঁৱৰে অগপৰ চৰকাৰ ক্ষমতাত নথকা সময়ত কেইবাবছৰো অসম যুৱ পৰিষদৰ সভাপতি হিচাবে কেইবাবছৰো সন্মুখৰ পৰা দলৰ নেতৃত্ব দি আহিছিল।কিন্তু ২০১৬ চনত অ গ পৰ নেতৃত্বই বি জে পিৰ সৈতে মিত্ৰতা কৰাত তেওঁ দলৰপৰা পদত্যাগ কৰি আঞ্চলিকতাবাদী অ গ প নামৰ এটা নতুন দল প্ৰতিষ্ঠা কৰি আপোচহীন ভাৱে আঞ্চলিকতাবাদী শিবিৰৰ নেতৃত্ব দি আহিছিল ।

উল্লেখযোগ্য যে সুনীল ৰাজকোঁৱৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,বৰ্তমান চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰ্তমানৰ অগপৰ সভাপতি অতুল বৰা অ গ পৰ সভাপতি হৈ থকা কালত তেওঁ যুৱ পৰিষদৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত থাকি দললৈ বৰঙনি আগ বঢ়াইছিল। ইয়াৰ পাছতো অ গ পই বি জে পিৰ সৈতে মিত্ৰতা কৰি আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুওৱাত তেওঁ অগপ দল ত্যাগ কৰিছিল।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰোৱাৰ ইছ্যুক লৈ অ গ প আৰু বি জে পিৰ মাজত এতিয়া ছিন্ন হৈছে মিত্ৰতা। ইয়াৰ পাছতে ৰাজকোঁৱৰে পুনৰ অ গ পলৈ অহাৰ বাট প্ৰশস্ত হ’ল।

মন কৰিবলগীয়া যে ছাত্ৰ অৱস্থাত আছুৰ কেন্দ্ৰীয় কমিটীৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজকোঁৱৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত বগীবিল দলং, লেপেটকাটাৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ সমিতিসমূহত একেলগে কাম কৰি ডিব্ৰুগড়ৰ উন্নয়নত অৰিহণা যোগাই আহিছে। 

বলিষ্ঠ আঞ্চলিকতাবাদী নেতা তথা নিকা ভাবমূৰ্তিৰ ৰাজকোঁৱৰে কয় যে তেওঁ অ গ পৰ ভাল দিনত তেওঁ দলটোৰ পৰা আতৰত আছিল যদিও এতিয়া আকৌ 'বেয়া’ দিনতহে আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ অগপলৈ আহিবলৈ সিদ্ধান্ত লৈছে।

শনিবাৰে সুনীল ৰাজকোঁৱৰৰ লগতে সহস্ৰাধিক সমৰ্থকে অ গ পত যোগদান কৰাৰ সম্ভাৱণা আছে।