ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ জাতীয় ক্ৰিকেট দলটোৰ প্ৰাক্তন অধিনায়ক ক্ৰিছ গেইলক প্ৰত্যাহ্বান জনাইছে অভিনেত্ৰী ছানী লিঅ’নিয়ে৷ অৱশ্যে ক্ৰিকেটত নহয়, নৃত্যত এই প্ৰত্যাহ্বান অভিনেত্ৰীগৰাকীৰ৷ 

'ৰইছ’ চলচিত্ৰৰ 'লেইলা অ’ লেইলা’ শীৰ্ষক গীতটোত নৃত্য কৰি উক্ত ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে৷ পোষ্টত লিখিছিল যে যিয়ে তেওঁৰ দৰে নৃত্য কৰিব পাৰিব, উক্ত গানটোত তেওঁক ৫ হাজাৰ ডলাৰ পুৰষ্কাৰ দিব৷ 

তদুপৰি শীৰ্ষ ৫ টা ভিডিঅ’ শ্বেয়াৰ কৰিব তেওঁৰ পেজত৷ খেলুৱৈজনৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি টুইট কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ চলচিত্ৰখনৰ উক্ত গানটোত নৃত্য কৰিছিল ছানী লিঅ’নিয়ে৷