লিডুঃ সমগ্ৰ ৰাজ্যখনত জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক খনক লৈ প্ৰতিবাদৰ ঢৌৱে উত্তেজিত হৈ থকাৰ সময়তে আজি পুৱাই বৰডুমচা থানাৰ অন্তৰ্গত ৰিতুপথাৰ গাঁৱত হৈ যোৱা সাহিত্য সভাৰ স্থলীত সন্দেহযুক্ত বাংলাদেশী লোকক গাঁওৰ ৰাইজে প্ৰত্যক্ষ কৰি আবদ্ধ কৰে ৷
দলটোত আছে শিশু, মহিলা সহ ২০ জনৰো অধিক লোক৷ বাংলাদেশীৰ সন্দেহত গাঁৱতেই আৱদ্ধ কৰি ৰাখিছে জনতাই। বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উক্ত স্থানত উপস্থিত হৈ তদন্ত কৰি কোনো পৰিচয় পত্ৰ পাবলৈ সক্ষম নোহোৱাত অঞ্চলটোত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।