newsnextone.com | ডিজিটেল ডেস্কঃ শাসনৰ গাদীত বহি একাংশ বিজেপি নেতা-মন্ত্ৰীৰ মতিভ্ৰম ঘটিছে৷ এই অভিযোগ এতিয়া প্ৰায়ে শুনিবলৈ পোৱা যায়৷ বিভিন্ন সময়ত একাংশবিজেপি-নেতা মন্তেৰী-বিধায়কে বিতৰ্কিত মন্তব্য কৰি বিবাদৰ সৃষ্টি কৰি আহিছে৷ যাৰ ফলত দেশৰ সাধাৰণ জনতাই বিজেপিৰ প্ৰতি পূৰ্বতে দেখুওৱা আস্থা লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে৷
যি ন্যায়ালয়ৰ ওপৰত ভৰষা কৰি দেশৰ সাধাৰণ জনতাই আইন ব্যৱস্থাৰ ওপৰত আস্থা জমাই ৰাখিছে, সেই ন্যায়লয়কে এইবাৰ দেশৰ গণতন্ত্ৰত লগা দাগ বুলি অপমান কৰিবলৈ দুসাহস কৰিছে বিজেপিৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ ভাৰতৰ গণতন্ত্ৰত উচ্চতম ন্যায়ালয় গুৰুত্বহীন বুলি কৰা মন্তব্যই বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতৰ বহিঃপ্ৰকাশ কৰিছে বুলি মন্তব্য কৰিছে বিভিন্ন জনে৷