newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বত্ৰে ধৰ্ষণ এক মহামাৰিৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে৷ ৬ মহীয়া শিশুৰ পৰা ৯০ বছৰীয়া বৃদ্ধালৈ নাৰী মানেই যেন ক্ষুধাৰ সামগ্ৰী হৈ পৰিছে৷ এচাম অমানুহৰ পাষবিক কাণ্ডৰ বাবেই নাৰী পুৰুষৰ সমাধিকাৰৰ দাবীদাৰ হৈও নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷
কিছুদিন পূৰ্বে এটা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতৰ ৭৬ শতাংশ মহিলাই পুৰুষৰ লালসাৰ চিকাৰ হোৱাৰ ভয়ত কৰ্ম জীৱন ত্যাগ কৰি বন্দী জীৱন কটাবলৈ বাধ্য হৈছে৷ কৰ্মস্থলী, ৰাস্তা-ঘাট, যান-বাহন অথৱা ঘৰৰ ভিতৰতো সকলোতে নাৰী এচাম লুভীয়া পুৰষৰ হাতত নিৰ্যাতিত হৈ আহিছে৷