newsnextone.com | ডিজিটেল ডেস্কঃ দেশত গো হত্যা ৰক্ষাৰ নামত একাংশ লোকে আইন হাতত তুলিলৈ মানুহক আক্ৰমণ কৰি হত্যা পৰ্যন্ত কৰি আহিছে৷ ইয়াৰ লগে লগে বিগত সময়ত শিশু অপহৰণ নামত ভুৱা প্ৰচাৰক বিশ্বাস কৰি অসমকে ধৰি মহাৰাষ্ট্ৰ আৰু দেশৰ আন আন প্ৰান্তত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয়৷ বিশেষকৈ সমগ্ৰ দেশতে গো হত্যা ৰাক্ষাৰ নামত মুছলমান আৰু দলিতক হত্যা কৰা হয়৷
এনেবোৰ ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে মঙলবাৰে পুৱাই৷ উন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰা, ন্যায়াধীশ এম এন খানউইলকৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰ চূড়ৰ আদালতে মানুহে সমবেত বৈ হিংসা কৰা কাৰ্যক সাধাৰণ ভাৱে ল’ব নোৱাৰি বুলি কয়৷ আদালতে কোনো লোকৰ আইন হাতত লোৱাৰ অধিকাৰ নাই বুলিও কয়৷ এই কাণ্ড ৰোধ কৰিবৰ বাবে দেশৰ সংসদে বিচাৰ কৰক আৰু আইন বনাওক বুলিও কয়৷