newsnextone.com | চাবুৱা/ডিব্ৰুগড়/গুৱাহাটীঃ এখন বৃহৎ বজাৰ৷ যিখন বজাৰে দিব নালাগে জিএছটি নতুবা কোনোধৰণৰ কৰ৷ যি খন বজাৰৰ কথা অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক, অৰুণাচলৰ মন্ত্ৰী-বিধায়ক আৰু বৰ বৰ আমোলাইহে জানে৷ এই ব্যৱসায়ৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মন্ত্ৰী-বিধায়ক, আমোলালৈকে সকলোৱে ভাগ লাভ কৰে বুলি একাংশ লোকে কব খোজে৷ নিৰ্বাচনৰ সময়ত এই ব্যৱসায়ৰ সৈতে জড়িত লোকে ৰাজনৈতিক দলবোৰক দিব লাগে চান্দা৷ চান্দাও এটকা-দুটকা নহয় লাখ লাখ টকাৰ দিব লগা হয় চান্দা৷ 

এই খন ব্যৱসায় চলে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত৷ ব্যৱসায় মাছৰ নহয়৷ এই ব্যৱসায় হৈছে কাঠৰ৷ এতিয়াই কৈ থও এই ব্যৱসায়ৰ উজনিৰ প্ৰায় সমূহ ছাত্ৰ সংগঠন, ৰাজনৈতিক দলেও চান্দা লাভ কৰে বুলি অভিযোগ আছে৷ কেৱল ইমানে নহয় আন আন মাধ্যম সমূহেও ইয়াৰ পৰা ধন লাভ কৰে বুলি অভিযোগ আছে৷ আমি উত্থাপন কৰা অভিযোগক যদি প্ৰমাণ কৰিব লাগে তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বন মন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে চিবিআইৰ দৰে সংস্থাৰ দ্বাৰা তদন্ত কৰিব লাগিব৷ 

কিয়নো ইমান সহজে কোনেও কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে মাত দিবলৈ সাহস নকৰে৷ এই খন ব্যৱসায়ৰ সৈতে ইমানেই প্ৰভাৱশালী লোক জৰিত আছে যে একোখন জিলাৰ প্ৰশাসন-আৰক্ষীৰ মুৰব্বীকো তেওঁলোকে ভ্ৰক্ষেপ নকৰে৷ কিন্তু এই কথাৰ প্ৰমাণ কৰিব লাগিলে এই ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে সাহসেৰে চলাব লাগিব অভিযান৷ দীৰ্ঘ সময় newsnextone.com-এ কাঠৰ ব্যৱসায় চক্ৰটোৰ কৰ্মকাণ্ডৰ পিছা কৰে৷ কেনেদৰে ব্যৱসায় চলে৷ ক’ত কেনেদৰে চলে এই ব্যৱসায় অভিযানত সকলো জানিব পৰা গৈছে৷ এই কথা উজনিৰ প্ৰশাসনেও জানে৷ 

বন ধ্বংস কোনে কৰিছে সেই কথা প্ৰত্যক্ষ কৰিব লাগিলে অসম চৰকাৰ, বন মন্ত্ৰী তথা বন বিভাগৰ আমোলাই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চকু দিব লগিব৷ উজনিৰ পাহাৰৰ গছ ধ্বংস কাটি আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা নিতৌ কোটি কোটি টকাৰ কাঠৰ ব্যৱসায় কেনেদৰে চলে তেতিয়া ওলাই পৰিব৷

বন ধ্বংসষজ্ঞৰ ভয়াবহ ছবি খন অসমৰ সচেতন নাগৰিকক চিন্তিত কৰাৰ সময়তে প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুৰে লাখ লাখ টকাৰ কাঠ আহে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলালৈ৷ নেৰ পাৰত মজুত কৰা হয় কাঠ সমূহ৷ তাৰ পিছতে নৈৰ পাৰত থকা কাঠ ফলা মিলত ফলা হয় কাঠ সমূহ৷ নৈৰ পাৰত কাঠ সমূহ ফালি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ট্ৰাকেৰে সৰবৰাহ হয়৷ মহাবাহুৰ বুকুত চলোৱা অভিযানত সকলো স্পষ্ট হৈ পৰিছে৷

আপুনি মই বিশ্বাস কৰিব নোৱাৰিলেও এনে এক ভয়াবহ বন ধ্বংসষজ্ঞ সংঘটিত হৈ আহিছে ৰাজ্যত। পূৰ্বৰ বন মন্ত্ৰীয়ে এই ব্যৱসায় উৎখাত কৰিব নোৱাৰিলে৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ব্যৱসায় উৎখাত কৰিব পাৰিবনে সেয়াহে মূল প্ৰশ্ন। উজনিত অবাধ হাৰত চলি থকা অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ সাহস হ'বনে পৰিৱৰ্তনকামী চৰকাৰ তথা বনমন্ত্ৰীগৰাকীৰ৷ কিন্তু পুনৰ দোহাৰিব পাৰি এই ব্যৱসায় সাধাৰণ নহয়৷ কেইবা কোটি টকাৰ ব্যৱসায় কৰা হয় বছৰটোত৷ প্ৰকৃততে এই অবৈধ ৰমৰমীয়া ব্যৱসায়ৰ আৰত কোন আছে সকলোৱে জানে। মূল্যবান কাঠসমূহ পাহাৰৰ পৰা আনি তিনিচুকীয়া-ডিব্ৰুগড় জিলাত ৰখাই ব্যৱসায় চলে৷