![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/chidambrm.jpg?itok=wtN6W0gC)
নতুন দিল্লীঃ এতিয়াই তিহাৰ জেললৈ যাব নালাগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম। সোমবাৰে উচ্চতম ন্যায়ালয়ে চিবিআইৰ জিম্মাৰ ম্যাদ বৃহস্পতিবাৰলৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত সাময়কিভাৱে এই সকাহ লাভ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।
উচ্চতম ন্যায়ালয়ত চিদাম্বৰমৰ হৈ যুক্তি দৰ্শাই অধিবক্তা তথা কংগ্ৰেছ নেতা কপিল চিবালে কয়, 'চিদাম্বৰমৰ জক্ষেত্ৰত কিছু সুৰক্ষাৰ ব্যৱস্থা কৰাতো প্ৰয়োজনীয়। তেওঁৰ বয়স ৭৪ বছৰ। গতিকে তিহাৰ জেললৈ প্ৰেৰণৰ পৰিৱৰ্তে তেওঁক গৃহবন্দী কৰা ৰাখক।’
চিবিআইৰ জিম্মাত থাকিলে চিদাম্বৰমক বৃহস্পতিবাৰ পৰ্যন্ত অনুসন্ধানকাৰী সংস্থাটোৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত ৰখা হ’ব। আনহাতে, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ ঠিকনা হৈ পৰিলেহেতেন এছিয়া মহাদেশৰ বৃহৎ কাৰাগাৰ তিহাৰ।
ইফালে, সৰ্বোচ্চ আদালতে আইএনএক্স মিডিয়া গোচৰত চিবিআই-এ গ্ৰেপ্তাৰ কৰা প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক অধিবক্তা চিবালে গৃহবন্দী কৰি ৰাখিবলৈ জনোৱা অনুৰোধ সন্দৰ্ভত কয় যে এয়া এক বিকল্প হ’লেও সেয়া কেৱল ৰাজনৈতিক বন্দীৰ ক্ষেত্ৰতহে কৰা হয়। ন্যায়াধীশ আৰ বানুমাতি আৰু এএছ বোপান্নাই চিবিআইৰ আদালতত চিদাম্বৰমে কিয় উক্ত অনুৰোধ নকৰিলে বুলিও প্ৰশ্ন কৰে।
চিদাম্বৰমৰ অধিবক্তাৰ বিপৰীতে চিবিআইয়ে আদালতক কয় যে আইএনএক্স মিডিয়া কেলেংকাৰীৰ দৰে এক কেলেংকাৰীত জড়িত এজন ব্যক্তিক বিশেষ সুৰক্ষা প্ৰদান কৰাতো কোনোপধ্যে উচিত নহয়। অৱশেষত সৰ্বোচ্চ আদালতে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক পুনৰ ৩ দিনৰ বাবে চিবিআইৰ জিম্মাত ৰখাৰ আদেশ প্ৰদান কৰি পৰৱৰ্তী শুনানি অহা বৃহস্পতিবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এতিয়া চিদাম্বৰমে পুনৰ চিবিআই আদালতত অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনোৱাৰ পথ খোলা আছে। যদিহে সেই আবেদন চিবিআইৰ আদালতে অগ্ৰাহ্য কৰে তেন্তে বৃহস্পতিবাৰ পৰ্যন্ত অনুসন্ধানকাৰী সংস্থাটোৰ জিম্মাত থকাৰ বাদে কোনো বিকল্প নাই দক্ষিণ ভাৰতীয় নেতাগৰাকীৰ হাতত।
উল্লেখ্য যে ২০০৭ চনৰ আইএনএক্স মিডিয়া গোচৰত জড়িত থকাৰ অভিযোগত যোৱা ২১ আগষ্টৰ নিশা নাটকীয়ভাৱে চিবিআই-এ গ্ৰেপ্তাৰ কৰিছিল দেশৰ প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰীগৰাকীক।