দাদা চাহ একাপ দিব। এইবুলি কোৱাৰ লগে লগে চাহৰ দোকানীগৰাকীয়ে আপোনাৰ হাতত তুলি দিয়ে প্লাষ্টিকেৰে নিৰ্মিত অথবা ডিছপ'জেবল কাপত একাপ গৰম চাহ। আপুনি চাহৰ সোৱাদ লোৱাৰ পাছত কাপটো হয় ডাষ্টবিনত পেলায় নহয় দূৰলৈ দলি মাৰি দিয়ে। ২ অক্টোবৰৰ পৰা আৰু আপুনি এনেদৰে চাহৰ জুতি ল’ব নোৱাৰিব ! প্লাষ্টিকৰ চাহৰ কাপেৰে আমি পৰিৱেশ দূষিত কৰো৷ কেৱল প্লাষ্টিক কাপ বুলিয়েই নহয় অন্যান্য প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰি আমি সমগ্ৰ বাতাবৰণৰ কিমান হানি কৰিছো  সেই কথা সাধাৰণতে আমাৰ মনলৈ নাহে। সেই কথা নভবা বা চিন্তা নকৰা কাৰণেই আজি আমাৰ দেশ ভূগিছে ভয়ংকৰ প্ৰদূষণৰ অসুখত। যি অসুখ বেছি দ লৈকে শিপালে নিজৰে বিপদ অনিবাৰ্য৷ দেৰিকৈ হ’লেও এই কথা চিন্তা কৰা হৈছে। প্ৰদূষণমুক্ত ভাৰত গঢ়িবলৈ উঠিপৰি লাগিছে চৰকাৰ। এই অনুযায়ী চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা ভাৰতক সম্পূৰ্ণ ৰূপে প্লাষ্টিক বৰ্জিত কৰিবলৈ চলোৱা হ’ব বিশেষ অভিযান৷

 

কি কি হ’ব নিষিদ্ধ?

 

প্লাষ্টিকৰ চাহৰ কাপক লেখাৰ আৰম্ভণিতে উদাহৰণ হিচাপেহে লোৱা হ’ল।মূল কথাটো হৈছে Single Use Plastic Products ভাৰতত নিষিদ্ধ হোৱাৰ পথত৷ অৰ্থাৎ কোনো ব্যৱসায়িক প্ৰতিষ্ঠানতে মজুত থাকিব নালাগিব Single Use Plastic Products৷  Single Use Plastic Products মানে হ’ল এবাৰেই যি প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰি৷ ব্যৱহাৰৰ অনুপযুক্ত হৈ যিয়ে পৰিৱেশ প্ৰদূষিত কৰে৷ ইয়াত অন্তৰ্ভূক্ত হোৱা সামগ্ৰী কেইবিধ হ’ল- প্লাষ্টিকৰ বেগ, কাপ, প্লেট, চামুচ, সৰু বটল, ষ্ট্ৰ’, প্লাষ্টিক পাউচ আদি৷ এই অভিযান ব্যাপক ৰূপত সফল কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰৰ উপৰিও উৎপাদন আৰু আমদানিতো লগোৱা হ’ব কঠোৰ নিষেধাজ্ঞা৷ এনে কৰিলে ভাৰতত বাৰ্ষিক প্লাষ্টিকৰ ব্যৱহাৰ ৫-১০ শতাংশলৈ কমি প্ৰায় ১৪ মিলিয়ন টন প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস পাব৷ এই নিষেধাজ্ঞা উলংঘন কৰোতাৰ বিৰুদ্ধে ছয় মাহৰ প্ৰাথমিক সময়ৰ পৰা শাস্তি কাৰ্যকৰী হ’ব৷ 

 

কেতিয়া লোৱা হ’ল সিদ্ধান্তঃ


২০১৯ বৰ্ষৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকিল্লাত দিয়া ভাষণত প্লাষ্টিকমুক্ত ভাৰত নিৰ্মাণৰ বাবে জনসাধাৰণক আহ্বান জনায়৷ প্ৰধানকৈ দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী এজেঞ্চীসমূহক এই অভিযানত আগভাগ ল’বলৈ কয় প্রধানমন্ত্ৰীয়ে৷ তেওঁ নিজাকৈ এই সন্দৰ্ভত ১০ লাখ লোকলৈ মেইল প্ৰেৰণ কৰিব বুলি ঘোষণা কৰে৷ য’ত প্লাষ্টিক মুক্ত ভাৰত নিৰ্মাণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজোৱা হ’ব৷ এই বৰ্ষৰ ২ অক্টোবৰৰ দিনা উদযাপন হ’ব জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী৷ গান্ধীজীয়ে স্বাধীন ভাৰতৰ লগতে  সপোন দেখিছিল এখন স্বচ্ছ আৰু নিকা ভাৰতৰ৷ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিয়েই এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ অভিযানৰ শুভাৰম্ভণি ঘটোৱা হ’ব ২ অক্টোবৰত৷ এই অভিযানত সহযোগিতা আগবঢ়াবলৈ  নৰেন্দ্ৰ মোডীয়ে অনুৰোধ আৰু আহ্বান জনাইছে সমগ্ৰ ভাৰতবাসীক৷ উল্লেখ্য যে ভাৰতীয় ৰেলৱে আৰু এয়াৰ ইণ্ডিয়াই ইতিমধ্যেই প্লাষ্টিকেৰে তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰা বন্ধ কৰি দিছে৷ 

 

প্লাষ্টিক, ভগৱান গণেশ আৰু গণেশ চতুৰ্থী...

 

চৰকাৰে প্লাষ্টিকৰ বিৰু্দ্ধে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলোৱাৰ সময়তে বিষয়টোক লৈ শিল্পৰে সকলোকে সজাগ কৰিবলৈ প্ৰয়াস কৰিছে বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে। গণেশ চতুৰ্থী উপলক্ষে ২ ছেপ্টেম্বৰৰ পুৱাই শিল্পীগৰাকীয়ে ১০০০ প্লাষ্টিকৰ বটল কাষত ৰাখি পুৰীৰ সাগৰ তীৰত ৫টন বালিৰে সৃষ্টি কৰিছে ভগৱান গণেশৰ বিশাল অৱয়ব। ভগৱান গণেশৰ বলুকা ভাস্কৰ্যৰ তলত শিল্পীগৰাকীয়ে লিখিছে  “Say no to single-use plastic” আৰু “Save our environment”। প্লাষ্টিকৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ঘোষণা আৰু আহ্বানৰ পৰা উদ্বুদ্ধ হৈয়ে এই থীমটোৰ কথা মনলৈ আনে বুলি জনাইছে শিল্পী পাটনায়কে। তেওঁ গণেশ চতুৰ্থীৰ বিশেষ দিনটোত বষ্টনত চলিত বৰ্ষত অনুষ্ঠিত International Sand Art Championshipত প্লাষ্টিক প্ৰদূষণক লৈ সৃষ্টি কৰা বলুকা ভাস্কৰ্যৰ বাবে  People’s Choice award  লাভ কৰাৰ কথাও মনলৈ আনি দেশবাসীক সম্পূৰ্ণৰূপে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায়।

 

প্লাষ্টিকৰ বৰ্জ্য সৰ্বাধিক নিৰ্গত কৰা ভাৰতৰ ৫ খন চহৰঃ

 

উত্তৰ প্ৰদেশ- ২,০৬,৭৩৩ টন
গুজৰাট- ২,৬৯,৮০৮
পঞ্জাৱ- ৫০,৪৫৭ টন
মধ্যপ্ৰদেশ-  ৫০,৪৫৭ টন
ওড়িষা- ১২,০৯২ টন

 

প্লাষ্টিকৰ ভয়াৱহতাঃ

 

দেশৰ ৬০ খন চহৰৰ ওপৰত কেন্দ্ৰীয় পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডে চলোৱা এক সমীক্ষা অনুযায়ী চহৰৰ পৰা দৈনিক ৪,০৫৯ টন প্লাষ্টিকৰ বৰ্জনীয় পদাৰ্থ নিৰ্গত হয়৷  ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সমগ্ৰ দেশৰ পৰা প্লাষ্টিকৰ বৰ্জনীয় পদাৰ্থ নিৰ্গত হয় প্ৰায় ২৬ হাজাৰ টন৷ ইয়াৰে ৬০ শতাংশ হে সংগ্ৰহিত হয় আৰু পুনৰ ব্যৱহাৰ ( Recycle)হয়৷ বাকী থকাখিনি নলা, নৰ্দমা, নদী, সাগৰত পৰি পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে জীৱ-জন্তুৰ পেটলৈও যায়৷ প্লাষ্টিক মাটিত মিহলি বা পচি নোযোৱাৰ ফলত মিথেন গেছ উৎপন্ন হয়৷ মিথেন গেছ কাৰ্বন ডাই অক্সাইডৰ তুলনাত ৩০ গুণ অধিক হানিকাৰক৷ বৰ্তমান সময়ত অস্বাভাৱিক ধৰণে জলবায়ু পৰিৱৰ্তনত মিথেন গেছ দায়ী বুলি দাবী কৰে পৰিৱেশ বিজ্ঞানীসকলে৷  

 

ভাৰতৰ ক’ত নিষিদ্ধ Single Use Plastic?

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Single Use Plastic নিষিদ্ধকৰণৰ অভিযান চলোৱাৰ বহু পূৰ্বেই এখন ৰাজ্যত সম্পূৰ্ণৰূপে প্লাষ্টিক নিষিদ্ধ হৈছে৷ ছিকিমত ১৯৯৮ চনৰ পৰা  Single Use Plastic ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয় আৰু ২০১৬ চনত ছিকিমে সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে৷ নিজ ৰাজ্যৰ পৰিৱেশ সুস্থিৰ আৰু পৰিস্কাৰ ৰখাৰ স্বাৰ্থত প্ৰতিজন লোকেই প্লাষ্টিক বৰ্জন কৰাত পূৰ্ণ সমৰ্থন আগবঢ়ায় সেয়েহে এই অভিযান সফলো হ’ল৷  

 

১৩ খন দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ Single Use Plastic

 

১) বাংলাদেশ
২) ইংলেণ্ড
৩) টাইৱান
৪) নিউজিলেণ্ড
৫) কেনিয়া
৬)জিম্বাবৱে
৭)কানাডা
৮) ফ্ৰান্স
৯) মৰক্ক’
১০)ৰাৱাণ্ডা
১১)এণ্টিগুৱা আৰু বাৰ্বুডা
১২) আমেৰিকা যুক্তৰাষ্ট্ৰ
১৩) দক্ষিণ কোৰিয়া

 

বাংলাদেশে সৃষ্টি কৰিছে এই নজিৰঃ

 

পৃথিৱীৰ প্ৰথমখন প্লাষ্টিকমুক্ত দেশ হ’ল বাংলাদেশ৷ ২০০২ চনৰ পৰা বাংলাদেশে প্লাষ্টিক ব্যৱহাৰকৰণত নিষেধাজ্ঞা আৰোপ কৰে আৰু আজি পৰ্যন্ত সেই নিষেধাজ্ঞা অব্যাহত আছে৷ উল্লেখ্য যে ১৯৯০ চনত বাংলাদেশত হোৱা প্ৰলয়ংকৰী বানৰ বাবে জগৰীয়া কৰা হৈছিল প্লাষ্টিকৰ নানা বৰ্জিত পদাৰ্থক৷ তেতিয়াৰে পৰা সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছিল আৰু ২০০২ চনত দেশখনত  Single One Plastic নিষিদ্ধ ঘোষণা কৰা হয়৷ অৱশ্যে নিষিদ্ধ ঘোষণা কৰিলেও এতিয়াও দেশখনত বে-আইনীভাৱে Single One Plasticৰ বিক্ৰী অব্যাহত আছে। ফলত নিষিদ্ধ ঘোষণা কৰাৰ দুটা দশক পাৰ হ'বৰে হ'ল যদিও বাংলাদেশ আজিও প্লাষ্টিকে সৃষ্টি কৰা প্ৰদূষণৰ ভয়াৱহতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই।    

 

প্লাষ্টিক নিষিদ্ধ কৰাতো আছে নানা বাধা...

 

প্লাষ্টিক সম্পূৰ্ণৰূপে বন্ধ হোৱাত নানা সমস্যাৰো উদ্ভৱ হ’ব বুলি মত ব্যক্ত কৰিছে সমাজৰ বিভিন্ন স্থানৰ লোকে৷ দাঁত ঘঁহা ব্ৰাছডালৰ পৰা আৰম্ভ কৰি উৰাজাহাজলৈকে প্লাষ্টিক ব্যৱহাৰ কৰা হয় তেনেস্থলত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাতো অসম্ভৱ বুলিও মত ব্যক্ত কৰিছে কোনো লোকে৷ পলিথিন বেগ মানুহে ইচ্ছা কৰিলেও পৰিত্যাগ কৰিব নোৱাৰাৰ কাৰণ হৈছে ইয়াত বস্তু কঢ়িয়াবলৈ অতি সহজ৷ প্লাষ্টিক মেনুফেকছাৰ এছ’ছিয়েছনৰ মত অনুসৰি ‘‘সমগ্ৰ ভাৰতত বছৰি ১.৭০ কোটি টন প্লাষ্টিক ব্যৱহাৰ কৰা হয়৷ ইয়াৰে ৭-১০ শতাংশ ব্যৱহাৰ হয় পেকেজিঙৰ কামত৷ পেকেজিঙত প্লাষ্টিকৰ বিকল্প আন একো নাই৷ য’ত প্লাষ্টিকৰ ব্যৱহাৰ নকৰিলেও চলে তেনেক্ষেত্ৰতহে প্লাষ্টিক নিষিদ্ধ কৰিব লাগে৷ যেনেদৰে প্লাষ্টিকৰ চামুচখন বা প্লেট ব্যৱহাৰ নকৰাকেও চলিব পাৰি কাৰণ ইয়াৰ বিকল্প পথ আছে৷’’ প্লাষ্টিকৰ বৰ্জনীয় পদাৰ্থসমূহ সম্পূৰ্ণৰূপে নষ্ট কৰা বা সেইসমূহ ৰিচাইকল পদ্ধতিত ব্যৱহাৰ কৰিব পাৰি নেকি সেই পথৰ সন্ধান কৰাটোও এইসময়ত খুব প্ৰয়োজনীয় হৈ পৰিছে৷ পলিথিন ব্যৱহাৰ নকৰাকৈ কাগজ বা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰি কিন্তু এটা পলিথিন তৈয়াৰ কৰোতে যিমান কাৰ্বন খৰচ হয় তাতোকৈ বেছি কাৰ্বন খৰচ হয় এটা কাগজ বা কাপোৰৰ বেগ তৈয়াৰ কৰোতে৷ গতিকে এই ক্ষেত্ৰত বুজিব পাৰি পলিথিন বেগৰ বিকল্প পথো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সঠিক নহয়৷

 

প্লাষ্টিকৰ বিকল্প...

 

প্ৰতিবছৰে বিশ্বত ৩০০ মিলিয়ন টন প্লাষ্টিকৰ উৎপাদন হয়। ইয়াৰে ৫০ শতাংশই হৈছে ছিংগল ইউজড প্লাষ্টিক। এই ছিংগল ইউজড প্লাষ্টিক কেইছেকেণ্ড বা কেইমিনিটমানৰ বাবে ব্যৱহাৰ হয় আৰু তাৰ পিছত সেয়া বৰ্জ্য সামগ্ৰী হৈ পৃথিৱীত পৰি ৰয় শ শ বছৰলৈ। প্লাষ্টিক প্ৰদূষণৰ এনে ভয়াৱহতালৈ চাই বিশ্বৰ বিজ্ঞানীমহলে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে প্লাষ্টিকৰ বিকল্পৰ সন্ধান। একাংশ বিজ্ঞানীয়ে তেনে বিকল্পৰ সন্ধান উলিয়াবলৈ সমৰ্থ হৈছে যদিও সেই বিকল্পক বাণিজ্যিক ৰূপ দিয়াতো সম্ভৱ হৈ উঠা নাই। ইয়াৰ মাজতে এক বিশেষ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ হৈছে ইজৰাইলৰ এগৰাকী কেমিকেল ইঞ্জিনীয়াৰ। নাম শ্বাৰন বাৰাক। অন্তঃসত্বা অৱস্থাতো ধাৰাবাহিকভাৱে গৱেষণা অব্যাহত ৰাখি শ্বাৰনে প্ৰস্তুত কৰি উলিয়াবলৈ সমৰ্থ হৈছে প্লাষ্টিকৰ বিকল্প। 

প্লাষ্টিক প্ৰস্তুতকাৰী এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল শ্বাৰন। কিন্তু প্লাষ্টিকৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি এদিন তেওঁ প্ৰতিষ্ঠানটোৰ লাখটকীয়া দৰমহাৰ চাকৰি এৰি আৰম্ভ কৰে গৱেষণা। দীৰ্ঘদিনীয়া গৱেষণা আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁ প্ৰস্তুত কৰি উলিয়াবলৈ সমৰ্থ হয় পৰিৱেশৰ হানি নঘটোৱা এক বিশেষ প্লাষ্টিক সদৃশ পদাৰ্থৰ।এতিয়া এই বিকল্প প্লাষ্টিকবিধ কিদৰে সমগ্ৰ বিশ্বৰ ঘৰে ঘৰে সহজলভ্য কৰি তুলিব পাৰি সেই উপায়ৰ সন্ধানত আছে শ্বাৰন আৰু তেওঁৰ টীম। 

 

ব্যৱসায়ীসকলে কি কয়?

 

দেশৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলৰ লগতে গুৱাহাটীকে ধৰি অসমৰ ব্যৱসায়ীসকলেও বুজি উঠিছে প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ কথা। NNOৰ সৈতে হোৱা কথা-বতৰাত মহানগৰীৰ ফাঁচী বজাৰ আৰু বামুণীমৈদামৰ কেবাখনো প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই সকলো প্ৰকাৰৰ সহযোগিতা কৰিবলৈ সাজু বুলি জানিবলৈ দিছে। প্লাষ্টিকৰ বেগৰ পৰিৱৰ্তে কাপোৰ, বিশেষ কাগজ তথা মৰাপাটৰ বেগ আদি বিক্ৰী কৰিবলৈ ব্যৱসায়ীসকল সাজু হৈ থকাৰ কথাও সদৰী কৰে। 'প্ৰথমে কেইদিনমান সমস্যা হ'ব। কিন্তু লাহে লাহে সকলো স্বাভাৱিক হৈ পৰিব। আমাৰ গুৱাহাটীখনৰ নলা-নৰ্দমাবোৰত প্লাষ্টিকৰ বটল আৰু মোনাবোৰ আৰু দেখিবলৈ পোৱা নাযাব। এয়া খুবেই ভাল কথা। কথাবোৰ এতিয়া মানুহেও বুজি উঠিছে। আজিকালি মানুহে সেয়ে চাহ খাবলৈ প্লাষ্টিকৰ গ্লাছ নিবিচৰা হৈছে, কাগজৰ গ্লাছহে বিচাৰে। গতিকে সকলোৱে আদৰি লব বুলি আমাৰ বিশ্বাস। আমাৰ অলপ লোকচান হব বিজনেছত। আমাৰ ভালৰ বাবে সেইখিনি লোকচান একো নহয়।'-NNOৰ আগত এইদৰে কয় বামুণীমৈদামৰ এগৰাকী ব্যৱসায়ীয়ে।

 

দেশ বুলিলে নালাগে আদেশ...

 


কেৱল চৰকাৰেই প্লাষ্টিকমুক্ত ভাৰত গঢ়িব নোৱাৰে৷ ইয়াৰ বাবে লাগিব প্ৰতিজন ভাৰতীয়ৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা৷ ইয়াৰ উপৰিও প্লাষ্টিক নিৰ্মাণ কোম্পানীসমূহত কাম কৰি বহুতেই পেটৰ ভাত মোকলাই আছে৷ গতিকে চৰকাৰে তেওঁলোকৰ কাম হঠাৎ বন্ধ কৰি নিদি অন্য ৰোজগাৰৰ পথ মুকলি কৰি দিয়া কথাটোতো ধ্যান দিব লাগিব৷ সকলো দিশ চালি জাৰি চাই কেন্দ্ৰীয় চৰকাৰে এখন প্ৰদূষণমুক্ত আৰু প্লাষ্টিক বৰ্জিত স্বচ্ছ ভাৰত নিৰ্মাণ কৰাত আগভাগ ল’ব বুলি আশা কৰিব পাৰি।

এনেকৈয়ে এতিয়া উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আমি আকৌ উভতি যাব লাগিব আশী-নব্বৈৰ দশকলৈ। নব্বৈৰ দশলৈকে প্লাষ্টিক কি মানুহে ইমান ভালকৈ নাজানিছিল। দোকানবোৰত চাউল, দাইল, আটা গ্ৰাহকক দিবলৈ ব্যৱহাৰ কৰা হৈছিল কাগজৰ বেগ। পুৰণি বাতৰি কাকতত ময়দাৰ আঠা আৰু কাৰ্টনৰ কটা টুকুৰা লগ লগাই প্ৰস্তুত কৰা হৈছিল এনে বেগ বা মোনা। বজাৰলৈ গ'লে সকলোৱে কান্ধত লৈ গৈছিল কাপোৰৰ মোনা। আহক, আমাৰ কণমানি সন্তানটিক এখন সুন্দৰ পৃথিৱী উপহাৰ দিয়াৰ স্বাৰ্থতে আকৌ আৰম্ভ কৰো কান্ধত কাপোৰ বা মৰাপাটৰ মোনা ওলমাই বজাৰলৈ যোৱাৰ অভ্যাস। কিয়নো দেশ বুলিলে নালাগে আদেশ...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us