গুৱাহাটীঃ পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ এবছৰ অন্তত ভাৰতীয় সেনাই পুনৰ চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা পৰিলক্ষিত হৈছে৷ এইবাৰ চিৰশত্ৰু পাকিস্তানৰ বিৰুদ্ধে নহয় এইবাৰ সেনাই অভিযান চলাইছে নিজ দেশৰ বিদ্ৰহীৰ বিৰুদ্ধে আনৰ দেশত৷ হয়, ম্যানমাৰত NSCNৰ শিবিৰত আক্ৰমণ কৰি মোক্ষম আঘাত সেনাই৷ ভাৰত-ম্যানমাৰ সীমান্তত বুধবাৰে গভীৰ নিশা অতৰ্কিতে অভিযান চলাই ভাৰতীয় সেনাই৷
সেনাৰ পেৰা কমাণ্ডোৱে চলোৱা অভিযানত উত্তৰ পুৰ্বাঞ্চলৰ নগা বিদ্ৰোহী সংগঠন NSCN খাপলাঙৰ বহু কেডাৰৰ মৃত্যু হোৱা বুলি সেনাই দাবী কৰে৷ বিদ্ৰোহী সংগঠনটোৰ ম্যানমাৰৰ অটব্য জংঘলত থকা শিবিৰৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বহু কেডাৰ আহত হোৱা বুলিও দাবী কৰে সেনাই৷ ম্যানমাৰ সীমাত চাৰ্জিকেল ষ্ট্ৰাইক চলালেও ম্যানমাৰৰ ভিতৰলৈ সোমাই যোৱা নাই বুলি প্ৰকাশ কৰে সেনাই৷ ভাৰতীয় সেনাই ইষ্টাৰ্ন কমাণ্ডাৰে এক বিবৃতি চাৰ্জিকেল ষ্ট্ৰাইকৰ খবৰ ৰাজহুৱা কৰে৷