গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগোৱা কংগ্ৰেছ নেতা অনিল ৰাজাক অৱশেষত দলে বহিস্কাৰ কৰে৷ দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অৱশেষত দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে৷
দলৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কংগ্ৰেছ নেতা অনিল ৰাজাৰ বিৰুদ্ধে সতীৰ্থৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে দলে৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰা কাৰ্যৰ বাবে ৰাজাক দোষী সাব্যস্ত কৰে দলে।