নতুন দিল্লীঃ এছিয়াৰ সন্মানীয় "প্লেয়াৰ অব্‌ দ্যা ইয়াৰ" পুৰষ্কাৰ ভাৰতীয় খেলুৱৈলৈ৷ দেশৰ হকী দলৰ খেলুৱৈ এস ভি সুনীললৈ আগবঢ়োৱা হৈছে  প্লেয়াৰ অব দ্যা ইয়াৰ বঁটা৷  বৃহস্পতিবাৰে এছিয়ান হকী ফেডাৰেছনে ঘোষণা কৰে এই বটা৷

এস ভি সুনীলৰ লগতে সম্ভাৱনাপূৰ্ণ খেলুৱৈ হিচাবে হৰমনপ্ৰীত সিঙৰ নামো ঘোষণা কৰা হয়৷ পুৰুষৰ কনিষ্ঠ শাখাত হৰমনপ্ৰীতক নিৰ্বাচন কৰা হয়৷ আনহাতে জেষ্ঠ শাখাত নিৰ্বাচিত হয় এস সুনীল৷ বিগত বৰ্ষৰ প্ৰদৰ্শনৰ ভিত্তিত এই বটা আগবঢ়োৱা হৈছে৷