newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহোৱাল অঞ্চলৰ একমাত্র বজাৰ লাহোৱাল বজাৰৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। বজাৰখনত এতিয়া মানুহে সোপা দি আহ-যাহ কৰিব লগা হৈছে৷ উৎকট দুৰ্গন্ধই এক প্ৰকাৰ ভেঙুচালি কৰিছে স্বচ্ছ ভাৰত অভিযান আঁচনিক৷
বিজেপিৰ দখলত থকা তথা মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ একমাত্ৰ বজাৰ খনেই এতিয়া জাৱৰৰ দ’মত পৰিণত হৈছে। চৌদিশে কেৱল এতিয়া জাৱৰৰ দ’ম। গেলা পচা সামগ্ৰীৰ দুৰ্গন্ধত মানুহ ওলাব নোৱাৰা পৰিবেশ। সেয়াও আকৌ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ লাহোৱাল বিধান সভা সমষ্টিত আছে বজাৰখন।