ডিজিটেল ডেস্কঃ এইবাৰ MeTooৰ জালত পৰিল বলিউডৰ সংগীত সুৰকাৰ অনু মালিক৷ ইতিমধ্যে সোনা মহাপাত্ৰাই অনু মালিকৰ ওপৰত যৌন উৎপীড়নৰ অভিযোগ দিয়ে৷ তাৰ পাছতেই শ্বেতা পণ্ডিতে ১৫ বছৰৰ বয়সত অনু মালিকৰ পৰা অশালীন ব্যৱহাৰ পোৱাৰ ওপৰত টুইটৰ যোগে প্ৰকাশ কৰে৷ এই আটাইবোৰ অভিযোগক অনু মালিকে স্বীকাৰ নকৰে যদিও ছনি টিভিৰ জনপ্ৰিয় সংগীতৰ অনুষ্ঠান ‘ইণ্ডিয়ান আইডল ১০’ বিচাৰক পদৰ পৰা তেখেতক বহিষ্কাৰ কৰে বুলি জানিব পৰা গৈছে৷ আনহাতে খবৰ অনুসৰি সংগীত ৰিয়েলটী শ্ব’ৰ দৃশ্যাংশৰ বাবে অনুয়ে সোমবাৰৰ পৰা শ্বুটিং নকৰে৷
আনহাতে টুইটৰ যোগে অনুক স্পষ্ট ৰূপত ভণ্ডামি নামেৰে আখ্যা দিয়ে শ্বেতাই৷ পীড’ফাইল নামেৰে অনুক নামকৰণ কৰে শ্বেতাই৷ যাৰ অৰ্থ হ’ল যিকোনো ব্যক্তিয়ে যৌনতাৰ ৰূপত শিশুৰফালে আকৰ্ষিত হোৱা৷