বেতবাৰীঃ টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত ১২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা টাই ভাষাৰ তিনি দিনীয়া কৰ্মশালাখনি আজি সফল সামৰণি পৰে।
সামৰণি অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই বক্তব্য ৰাখি প্ৰসংগ ক্ৰমে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ Act east policyৰ ৰূপায়ণ হ’লে ব্যৱসায়-বাণিজ্য, শিক্ষা, আন্তৰ্জাতিক সম্পৰ্ক আদিত ‘টাই ভাষা’ই মূখ্য ভূমিকা ল’ব আৰু দক্ষিণ-পূৱ এছিয়াৰ সৈতে উত্তৰ-পূৱ তথা ভাৰতৰ সম্পৰ্ক স্থাপন কৰিবলৈও টাই ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা লব৷