112
নতুন দিল্লীঃ বিশ্বৰ এক নম্বৰ সন্ত্ৰাসবাদী সংগঠন তালিবানৰ সৈতে ভাৰতে একেখন আলোচনাৰ মেজত বহিছে। অৱশ্যে বেচৰকাৰীভাৱে। মস্কোত শুকুৰবাৰে এই আলোচনা অনুষ্ঠিত হৈছে।
মধ্য এছিয়াৰ অশান্তজৰ্জৰ আফগানিস্তানলৈ শান্তি ঘূৰাই আনিবৰ বাবে ৰাছিয়াই এক আলোচনাৰ আয়োজন কৰিছে আৰু ইয়ালৈ ভাৰতকে ধৰি আমেৰিকা, পাকিস্তান আৰু চীনকো আমন্ত্ৰণ কৰিছে। তালিবান এই সন্মিলনৰ এক গুৰুত্বপূৰ্ণ অংশ।