তামুলপুৰত পথ দুৰ্ঘটনাত এজন নিহত

 | by NNO Correspondent  |  0
Printer-friendly version

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান পথৰ ন-মাইলত পথ দুৰ্ঘটনাৰ ফলত শনিবাৰে সন্ধিয়া এজন যুৱক নিহত হোৱাৰ কেইঘণ্টা মান পাছতেই পুনৰ একেই পথৰ  বৰখাটাত এখম বাহনৰ খুন্দাত আন এজন অচিনাক্ত লোক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ভূটানৰ দিশৰপৰা ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত এখন ১৬ চকীয়া বাহন এজন পথচাৰিক খুন্দিয়াই পেলাই থৈ যায়। পিছত স্থানীয় লোকে ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষীক খবৰ দিয়ে।

ঘটনাৰ খবৰ পাই তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আচিনাক্ত লোকজনক সংকতজনক অৱস্থাত উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। 

পাছত আৰক্ষীয়ে অনুসন্ধান চলাই পিবি ০৭ এছ ৫৮৫১ নম্বৰৰ এখন ১৬ চকীয়া বাহন কামৰূপ জিলাৰ তুলসীবাৰীত জব্দ কৰে আৰু বাহনখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আনি চালকক সোধাপোছা অব্যাহত ৰাখিছে। বাতৰি লিখাৰ পৰলৈকে লোকজনৰ পৰিচয় পোৱা হোৱা নাই।