অপুৰ্ব বৰা, তেজপুৰঃ দেওবাৰে বিহুৰ প্ৰথম দিন, গৰু বিহু। বিহুৰ ভূৰুকা অ' আইতা গামোচা কাটিবৰ হ'ল...।

চাওঁতে চাওঁতে পদূলি মুখত অসমীয়াৰ নৱবৰ্ষ, অৰ্থাৎ বহাগ বিহু আহি পালেহি। কুলি-কেতেকীৰ মৌ মিঠা মাতত ৰজনজনালে আকাশ বতাহ। এতিয়া অসমীয়াই হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু। আজি  যে গৰু বিহু...।

দীঘলতি-মাখিয়তি পাত 
গৰু বিহুৰ দিনা গৰুক গা ধুৱাই
কেৰেলা বেঙেনাৰ চাত...
। 

এনেদৰেই সকলো ডেকা-বুঢ়া একত্রিত হৈ গৰুক গা ধুৱাই অপায়-অমংগল বিনাশৰ নিমিত্তে একত্রিত হ'ল ডিপোটা নদীৰ পাৰত। 
দীঘলতিৰ দীঘল পাত 
গৰু কোৱাও জাক জাক। 
লাও খা বেঙেনা খা 
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু 
তই হবি বৰ বৰ গৰু।

এই বুলি গৰুক গা ধুওৱা দেখা গ’ল।

অসমীয়াৰ অতি আদৰৰ গৰু বিহুৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অসমবাসীয়ে পালন কৰে গৰু বিহু। দীঘলতি, মাখিয়তিৰ পাতেৰে গৰুৰ গাত কোবাই লাও, বেঙেনা, কেৰেলা, হালধি, ঠেকেৰা, তিঁয়হ আদিৰে গৰু গাত চাত মৰি বছৰটোৰ মংগলৰ নিমিত্তে পালন কৰি অহা এই সাতামপুৰুষীয়া পৰম্পৰা পালন কৰিলে অসমীয়াই। প্রকৃতিয়ে ন-সাজেৰে নিজকে সজাই তোলা সময়ত গৃহস্হই ঘৰৰ গৰু কেইটাকো ন-কৈ তৰাল পঘাৰে বান্ধিলে।

বৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়া সিঁচি কৃষিকৰ্ম আৰাম্ভ কৰা হ’ব। দেওবাৰে ডিপোটা নদীৰ পাৰত ডিপোটা বিহু সন্মিলনৰ জৰিয়তে পালন কৰা গৰু বিহুৰ দিনটোত সকলো বিহুত মতলীয়া হৈ পৰা দেখা গ’ল।