newsnextone.com | তামুলপুৰঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ ‘এ’ আৰু ‘বি’ ডিভিজন ফুটবল লীগ শুকুৰবাৰৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে৷
শুকুৰবাৰে প্ৰথমখন খেল বৈৰাথী দল আৰু গুথাল ক্লাৱৰ মাজ অনুষ্ঠিত হয়৷ প্ৰথমখন খেল উদ্ধোধন কৰে তামুলপুৰৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে। খেলত বৈৰাথী দলে গুথাল ক্লাৱক ২-০ গ’লত পৰাস্ত কৰে। খেল পৰিচালনা কৰে অজয় বড়ো, বৈছাৰ বড়ো আৰু তৰুণ ৰাজবংশীয়ে।