55
তামুলপুৰঃ হোলীৰ আনন্দ-উল্লাসৰ মাজতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰংগামেলাত সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড৷ ৰাজপথৰ ওপৰতে সীতাৰাম হাচদা (২৮) নামৰ এজন লোকে ৰডেৰে মুৰত মৰিয়াই হত্যা কৰে ৰানী বাস্কে (22) নামৰ এগৰাকী মহিলাক৷
জানিব পৰা মতে সম্পৰ্কত দুয়োজন পতি-পত্নী আছিল যদিও বিগত কিছুদিন ধৰি দুয়োজনে পৃথকে আছিল৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী সীতাৰাম৷