লখিমপুৰঃ লখিমপুৰৰ যুৱনগৰত IPL আৰ্হিত খেল আৰম্ভণিতে আৰম্ভপূৰ্ণ উদ্বোধনী অনুষ্ঠান৷ আতচবাজীয়ে জিলিকাই তুলিছে আকাশ৷ জাক-জমকীয়া পৰিৱেশত অনুষ্ঠিত হৈছে উদ্বোধনী অনুষ্ঠান৷ 

কিন্তু এয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম নহয়৷ এই দৃশ্য হৈছে লখিমপুৰৰ যুৱনগৰত৷ দেশৰ চাৰিওফালে এতিয়া নিৰ্বাচনী বতাহ৷ লোকসভা নিৰ্বাচনৰ বতাহে বাৰুকৈয়ে চুই গৈছে অসমকো৷ কিন্তু তাৰ মাজতো সহস্ৰাধিক লোকে উপভোগ কৰিছে এই চমৎকাৰী ক্ৰিকেট খেল৷ 

সম্পূৰ্ণ আই পি এলৰ আৰ্হিত খেলুৱৈ নিলামৰ জৰিয়তে লখিমপুৰৰ যুৱনগৰ খেলপথাৰত অনুষ্ঠিত হৈছে মাষ্টাৰ্চ ক্ৰীকেট লীগ চমুকৈ MCL৷ ছয় জনকৈ স্বত্তাধিকাৰীয়ে নিলামৰ জৰিয়তে ক্ৰয় কৰা খেলুৱৈৰে অনুষ্ঠিত হোৱা এই দিবা-নৈশ খেলখনে ৰাজ্যৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনত ঘটাইছে নতুন সংযোজন৷ 

ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ সকলক এটা প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা খেলখনে গ্ৰামাঞ্চলৰ খেলুৱৈ সকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷