তামুলপুৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত নিৰ্বাচনত বড়ো-অবড়োৰ নামত আবেগ সৃষ্টি কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নৱ কুমাৰ শৰণীয়া। কিন্তু সমষ্টিটোত বড়ো-অবড়োৰ ৰাজনীতি আৰু নচলে। সমগ্ৰ বিটিএডিৰ ৰাইজে বুজি উঠিছে যে বড়ো-অবড়োৰ ৰাজনীতি কৰি কোনো লাভ নায়। সেয়ে নৱ কুমাৰ শৰণীয়াৰ ৰাজনীতি আৰু নচলে। এই ভাষ্য প্ৰাক্তন অগপ নেতা জমিৰুদ্দিন আহমেদৰ।
অলপতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত যোগদান কৰা জমিৰুদ্দিন আহমেদে বুধবাৰে তামুলপুৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিত বসবাস কৰা বড়ো আৰু অবড়োৰ মাজত থকা দীৰ্ঘদিনীয়া সম্প্ৰীতি বিনষ্ট কৰিছে। বড়ো আৰু অবড়োৰ নামত বিভেদৰ বীজ ৰোপণ কৰিছে। বিগত নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই বিটিচি বাতিল কৰা, বিটিচিৰপৰা অবড়ো গাঁও কৰ্তন কৰা আদিকে ধৰি অবড়ো ৰাইজক দিয়া এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে। এইবাৰৰ নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব বুলিও আহমেদে দাবী কৰে।