তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ শশীপুৰত সোমবাৰে পিষ্টলসহ এজন এন ডি এফ বি (সং) সদস্য আটক হোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি হৈছে। 

আৰক্ষী সূত্ৰৰপৰা জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি সেনা বাহিনীৰ ৫ জি, আৰ গোৰ্খা ৰেজিমেন্ট আৰু আৰক্ষীয়ে অভিযান চলাই শশীপুৰ গাঁৱৰপৰা হাৰ্কীলাছ নাৰ্জাৰী (২৫) ওৰফে এন হাছঠাই নামৰ এজন এন ডি এফ বি (সং)ৰ সদস্যক কৰায়ত্ব কৰে।

আটকধীন এন ডি এফ বি (সং)ৰ সদস্যজনৰপৰা ৭.৬ পিষ্টল, এটা মেগাজিনসহ তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰা হয়।

ধৃত কেডাৰজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কচুবিলত বুলি জানিব পৰা গৈছে। আজি পুৱাৰ ভাগত ভাৰত-ভূটান সীমান্তৰ শশীপুৰত কৰবালৈ যাবলৈ অপেক্ষা কৰি থাকোতে সেনা-আৰু আৰক্ষীয়ে কৰায়ত্ব কৰে কেডাৰজনক৷ ম্যানমাৰত দুমাহ প্ৰশিক্ষন লোৱা কেডাৰজনৰপৰা অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তেওঁৰ জেৰা অব্যাহত ৰাখিছে৷