74
পোন্ধৰ আগষ্টলৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত আজি তামুলপুৰৰ চিকনিবাৰীত এন ডি এফ বি(s)ৰ কেডাৰ আটক কৰা হয় ।ধৃত কেডাৰ জন শোণিতপুৰ জিলাৰ ৰিংকু স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ।উগ্ৰপন্থী জনৰ পৰা এটা ৭.২৫ চাইনিজ পিষ্টল উদ্ধাৰ হয় ।
আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত উগ্ৰপন্থী জনক আটক কৰা হয় ।ধৃত উগ্ৰপন্থী জন শোণিতপুৰ জিলাৰ চালনীবাৰী থানাৰ অন্তৰ্গত বাতাবাৰী গাঁৱৰ দিলীপ স্বৰ্গীয়াৰীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।