মুম্বাইঃ ভাৰতীয় টেলিভিছনৰ দৰ্শকক আমোদ যোগাই অহা তাৰক মেহতাৰ বুধবাৰে আহমেদাবাদত ৮৮ বছৰ বয়সত মৃত্যু ঘটে ৷ ২০০৮ চনত সব টিভিত সম্প্ৰচাৰ আৰম্ভ হৈছিল "তাৰক মেহতা কা ওলটা চশমা" ধাৰাবাহিকখনৰ৷ অতি কম সময়তে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা ধাৰাবাহিকখনৰ শ্ৰষ্টা আছিল গুজৰাটৰ তাৰক মেহতা৷ লেখকগৰাকীৰ স্তম্ভলিখনী "দুনীয়া নে উধাঁ চসমা"ৰ ওপৰতে ভিত্তি কৰি ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল৷ 

শ্বুটিং চলি থকাৰ সময়তে ছেটত লেখকগৰাকীৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰে ধাৰাবাহিকখনৰ পৰিয়ালবৰ্গ। ইফালে মেহতাৰ মৃত্যুত শোক প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে মেহতাৰ লিখনীয়ে দেশৰ একতাক প্ৰতিফলিত কৰে৷