গুৱাহাটীঃ মাত্ৰ দুই-তিনিজন অগপ নেতাৰ ব্যক্তিগত স্বাৰ্থ ৰক্ষাৰ বাবে নীতি-আদৰ্শহীন অগপ আৰু বিজেপিৰ মিত্ৰতাক মানি ল’ব পৰা নাই তৃৰ্ণমূলৰ কৰ্মীয়ে। তেওঁলোকৰ ক্ষোভ দেখা গ’ল দলটোৰ মুখ্য কাৰ্যালয়ত। একাংশ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ৰ সন্মুখত তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কিন্তু এনে সময়তে দেখা গ’ল একাংশ অগপ কৰ্মীয়েই নিজ দলৰে আন একাংশ প্ৰতিবাদী সদস্যক মাৰপিট কৰে। এই লজ্জাজনক ঘটনাই অগপ দলটো যে যদি বংশ ধ্বংস হোৱাদি ধ্বংস হ’বলৈ গৈ আছে তাৰেই উমান দিছে।
আবুজানা বুলবুলি, নম্ৰতা শৰ্মা, অদিতি কলিতা, তৃষ্ণা শৰ্মা আৰু অমৃতা চক্ৰৱৰ্তী নামৰ মহিলা কৰ্মীসকলৰ ওপৰত এই আক্ৰমণ চলালে অগপ কর্মীয়ে।