গুৱাহাটীঃ নিৰ্বাচনী বতৰত দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বিজেপি চৰকাৰৰ বাবে আন এক প্ৰত্যহ্বান আনি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। এই অভিযোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ প্ৰশমিত কৰে, সেয়া হ’ব লক্ষ্যণীয়।
ৰাজ্য কঁপোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে সোমবাৰে বিস্ফোৰণ ঘটাই কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়নত দুৰ্নীতিৰ কৰি বিজেপি সমৰ্থিত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে অ’এমআৰ (OMR) শ্বিট বদলি কৰা প্ৰক্ৰিয়া খোদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যলয়তে চলিছিল যোৱা ৩, ৪ আৰু ৫ মাৰ্চৰ দিনা।