গুৱাহাটীঃ স্মাৰ্ট পুলিচৰ চকুত ধূলি দি মহানগৰীত অব্যাহত আছে চোৰৰ অভিযান। চোৰৰ বিৰুদ্ধে যিমানে নতুন নতুন কৌশল মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে, সিমানেই স্মাৰ্ট হৈ গৈছে মহানগৰ চোৰো।
চোৰ কৰিবলৈ আহি এইবাৰ চিচি টিভিত ধৰা পৰা ভয়ত স্মাৰ্ট চোৰে খুলি লৈ গল খুদ চিচি টিভিয়েই। এই ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী জনপ্রিয় কণ্ঠশিল্পী ঘৰত। মহানগৰীৰ বৰসজাইত থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশনত ব্যস্ত থকাৰ সময়তে মঙলবাৰে ৰাতি কণ্ঠশিল্পীগৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ডৰ।