গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ যিকোনো এটা সমষ্টিত আগন্তক লোকসভা নিৰ্বাচনত বি জে পিয়ে এজন বাঙালী প্ৰাৰ্থী দিয়াটো বিচাৰিছে বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি, স্বামী বিবেকানন্দ যুৱ সমিতি আৰু শ্বহীদ কনকলতা মহিলা উন্নয়ন সমিতি নামৰ সংগঠনকেইটাৰ।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সংগঠন তিনিটাই দাবী কৰে যে আগন্তক লোকসভা নিৰ্বাচন নগাঁও লোকসভা সমষ্টিৰ আসনখনত এজন বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী থিয় কৰাব লাগে। 

বিগত বর্ষসমূহত উক্ত সমষ্টিৰপৰা চাৰি বাৰকৈ সাংসদ হোৱা ৰাজেন গোহাঁয়ে বাঙালী সম্প্ৰদায়ৰ বাবে কোনো কাম নকৰাৰ অভিযোগ কৰে সংগঠনকেইটাই। সেই বাবে উক্ত সমষ্টিটোত বাঙালী সম্প্ৰদায়ৰ এজন প্ৰাৰ্থী থিয় কৰাব লাগে বুলি তেওলোকে দাবী জনায়।

সংগঠন তিনিটাই উল্লেখ কৰে উক্ত সমষ্টিটোৰপৰা বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী হিচাপে হোজাই বিধায়ক শীলাদিত্য দেৱ, ৰাম কুমাৰ ঘোষ অথবা আলোক কুমাৰ ঘোষক প্ৰাৰ্থিত্ব দিব লাগে বুলি দাবী জনায়।

আনহাতে এই সংবাদ মেলতে বৃহত্তৰ বঙালী উন্নয়ন সমিতি সাধাৰণ সম্পাদক সুৰেশ চৰকাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি ওপৰত বিৰূপ মন্তব্য প্ৰকাশ কৰি কয় এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে অসমীয়া বাঙালীসকলক অত্যাচাৰ কৰা হৈছে।