গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অহা ১১ মে’ শনিবাৰে বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ভাওনা, পুতলা নাচ আৰু আলোচনা-চক্ৰ সমাহাৰেৰে “লোকৰংগম” নামৰ এক ব্যক্তিক্ৰমী অনুষ্ঠান।
বৃহস্পতিবাৰে এই কথা এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অনুষ্ঠানটোৰ সমন্বয়কৰ দায়িত্ব থকা সুব্ৰত দত্তই। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলখনত দত্তই কয়, ১১ মে’ৰ দিনৰ ১১ বজাত “লোকৰংগম”ৰ আৰম্ভণি কৰা হব ‘বাক্কলহ’ নামৰ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰৰে।