64
গুৱাহাটীঃ বহু প্ৰত্যাশাৰ অন্তত ২২ মাৰ্চত অসমৰ ছবিঘৰলৈ আহিব পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালিত দ্বিতীয়খন অসমীয়া বোলছবি ‘কানীন’। বিশিষ্ট সাহিত্যিক তথা উপন্যাসিক ডক্টৰ ৰীতা চৌধুৰী উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে বহু ন-পুৰনি শিল্পীয়ে।
দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘কানীন’ৰ “শুই থকা আৱেগ” শীর্ষক ভিডিঅ’ গীতটো আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয়। গীতটোৰ কথা, সুৰ আৰু কন্ঠেৰে সজাই তুলিছে কণ্ঠশিল্পী তৰালী শৰ্মাই।