গুৱাহাটীঃ ব্যৱসায়ৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰা 'ম'ম' ঘৰ’-এ আজি ২৬ বছৰ অতিক্ৰম কৰিলে। ২৬ বছৰ অতিক্ৰম কৰাৰ ম'ম' ঘৰে দেওবাৰে সপ্তম বর্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।উল্লেখ যে ১৯৯৩ চনত দুজন উদ্যমী অসমীয়াৰ প্ৰচেষ্টাত গুৱাহাটীৰ মহানগৰীৰ আমবাৰীত আৰম্ভ কৰা মম ঘৰে বিশ বছৰৰপৰা প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। এই কথা জানিবলৈ দিয়ে ম'ম' ঘৰৰ সত্বাধিকাৰী তপন বৰুৱাই।

উল্লেখ যে ম'ম' ঘৰৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি ম'ম' ঘৰত ২০ শতাংশ ৰেহাই মূল্যত গ্ৰাহকক ম'ম' যোগান ধৰা বুলি জানিবলৈ দিয়ে সত্বাধিকাৰী বৰুৱাই। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে সকলো গ্ৰাহকৰ বাবে ম'ম' লগত বিনামূলীয়াকৈ ক’ল্ড ড্ৰিংক্সৰ ব্যৱস্থা কৰা হয়।

আনহাতে সত্বাধিকাৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে বৰ্তমান সময়ত গুৱাহাটীৰ মহানগৰীত আমবাৰীৰ উপৰিও আন দুই ঠাইত  ম'ম' ঘৰ শাখা আছে। সেই দুটা হ’ল গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপত আৰু ভৰলুমুখত। ইয়াৰ উপৰিও তেজপুৰত আছে ম'ম' ঘৰৰ আন এটা শাখা।

বৰ্তমান সময়ত ম'ম' ঘৰৰ লগত ১৬ জন কৰ্মচাৰীৰ জড়িত হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে।