গুৱাহাটীঃ প্ৰাতঃ ভ্ৰমণলৈ গৈ মহানগৰীত মৃত্যুক আঁকোৱালি ল’লে এজনে। চন্দপুৰত সংঘটিত হৈছে এই ঘটনাৰ। প্ৰাপ্ত তথ্য অনুসৰি ২ নং চন্দ্ৰপুৰৰ বিষ্ণু চৌধুৰী নামৰ লোকজনে আন দিনাৰ দৰে বৃহস্পতিবাৰেও প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিছিল ঘৰৰপৰা।

তেনেতে চন্দ্ৰপুৰ হাইস্কুল তিনিআলিত এখন তীব্ৰবেগী বলেৰ' পিকআপ ভানে মহতিয়াই নিয়াত লোকজন মৃত্যু হয়।