♦ ১০ দিনৰ পুলিচৰ জিম্মাত জাহ্নৱী-প্ৰাণময়

গুৱাহাটীঃ মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণত নাম সাঙোৰ খাই পৰা আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক সেইদিনাই মহানগৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ এটা ভাড়া ঘৰৰপৰা গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োগৰাকী অভিযুক্তকে একে লগে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে দুয়োকে লতাশিল থানা আৰু পানবজাৰ মহিলা থানাৰপৰা পোনে পোনে স্বাস্থ্য পৰীক্ষাৰ কৰাবৰ বাবে লৈ যোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ। তাৰ পাছতে আবেলি ৪ঃ৩০ বজাত দুয়োকে একেলগে হাজিৰ কৰোৱা হয় আদালতত।

ইফালে লতাশিল থানাৰপৰা আদালতলৈ নিয়া সময়ত প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰুৱে সংবাদ মাধ্যমৰ আগত চিঞৰি চিঞৰি কয়, "সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ, মোৰ মাটি, মোৰ জাতি, মোৰ স্বাভিমান। কোনো বিস্ফোৰক পদাৰ্থ মোৰ লগত নাই। মই মোৰ দেশ আৰু জাতিক ভাল পাওঁ, ভাল পোৱাটোৱে যদি মোৰ অপৰাধ তেন্তে মই অপৰাধী।" 

তেওঁ লগতে চিঞৰি কয়, "অসম ভাৰতৰ অংগ কোনো দিন নাছিল আৰু ভৱিষ্যতেও নাথাকে। স্বাধীনতাই আমাৰ একমাত্ৰ লক্ষ্য আৰু এই লক্ষ্য প্ৰাপ্তি হ'বই। কোনো দিনে এই সংগ্ৰাম থমকি নৰয়।’’ আনহাতে এই বিস্ফোৰণৰ সৈতে তেওঁ জড়িত নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মই সংগ্ৰামৰ লগত জড়িত, কিন্তু এই কুটাঘাটৰ লগত জড়িত নহয়"।

আনহাতে, তেওঁলোকক আজি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ প্ৰথম শ্রেণী এমবিবি আদালতত হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ কৰোৱাৰ সময়ত ভাড়াঘৰত উদ্ধাৰ হোৱা বিস্ফোৰক আৰু আপত্তিজনক সামগ্ৰীসমূহ আদালতত প্ৰদৰ্শন কৰা হয়।

তাৰ পাছত আদালতৰ নির্দেশমৰ্মে সামগ্ৰীসমূহ ছীল কৰা হয়। ইফালে পুলিচে তদন্তৰ বাবে দুয়োগৰাকী অভিযুক্তক ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল আদালতে তেওঁলোকক ১০ দিনৰ পুলিচৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে পুলিচৰ জিম্মাত থকা সময়ত দুয়োগৰাকীৰ অপৰাধীকে ৪৮ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা, খোৱা-বোৱা, সাজ-পোছাকৰ লগতে তেওঁলোকক পৰিয়ালৰ লোক আৰু অধিবক্তাক সাক্ষাৎ কৰিব বিচাৰিলে পুলিচৰ জিম্মাত থকা সময়ত কৰিব পাৰিব বুলি নিৰ্দেশ দিয়া হয়। এই বিষয়ে জানিবলৈ দিছে অভিযুক্ত পক্ষৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে। 

অধিবক্তাগৰাকীয়ে লগতে কয় দুটাকৈ গোচৰত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে৷ সেই অনুসৰি হাতগাঁও থানাৰ গোচৰ নম্বৰ ১৪৭/২০১৯ ধাৰা ১২১,১২১(এ), আইপিচি ১২২,১২৫(বি১)।
গীতানগৰ থানা গোচৰ নম্বৰ ২১০/২০১৯ ধাৰা ৩২৫/৩২৭/৩০৭ আইপিচি ৩/৫ এএছ এক্ট।

ইয়াৰ উপৰি অধিৱক্তা কোঁৱৰে লগতে কয়, আজি অভিযুক্তৰ পক্ষৰ ফালৰপৰা কোনো ধৰণৰ জামিন আবেদন দিয়া হোৱা নাই। তেওঁলোকক পুনৰ অহা ২৭ মে'ত আদালতত হাজিৰ কৰোৱা হ'ব।