গুৱাহাটীঃ তেজপুৰ-নগাঁৱৰ প্ৰাৰ্থী বিচাৰি পোৱা নাই শাসকীয় বিজেপিয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে সোমবাৰে কয় যে অসমৰ বাকী ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হৈছে। 

অৱশ্যে এই তালিকাত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্বাক্ষৰ হ’বলৈ এতিয়াও বাকী আছে।  তেওঁ লগতে কয় যে আৰ পি শৰ্মাৰ নামো পেনেলত গৈছিল।

নেডাৰ আহ্বায়ক হিচাপে অসম তথা উত্তৰ পূবৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থাকিব হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁৰ নাম তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলৰপৰা প্ৰত্যাহাৰ কৰা হৈছে।

তেওঁ লগতে কয় যে ৰাম মাধৱৰ অনুৰোধত পেনেলত স্থান দিয়া হৈছিল হিমন্ত বিশ্বৰ নাম।

ৰাফাল যুঁজাৰু বিমান ক্ৰয় কৰাৰ সময়ত হোৱা অনিয়মৰ অভিযোগ তুলি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৃষ্ট 'চকীদাৰ’ শব্দকে ব্যৱহাৰ কৰি 'চকীদাৰ চোৰ’ শব্দৰ প্ৰত্যুত্তৰত দাসে কয়, "চকীদাৰ মানে ৰখীয়া ৷ কংগ্ৰেছে চকীদাৰ শব্দটোক উপলুঙা কৰে, কংগ্ৰেছৰ মনোবৃত্তি ঠেক।"