গুৱাহাটীঃ ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ কৰাৰ পাছতে ছেবাৰ মুখ্য কাৰ্যলয়ত ৰাজ্যৰ শিক্ষমন্ত্ৰী আৰু ছেবা কৰ্তৃপক্ষই এক সংবাদ মেল আযোজন কৰে।
সংবাদ মেলত ছেবা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা যে বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অহা ১ জুলাইৰপৰা অনুষ্ঠিত হ’ব কম্পাৰ্টমেন্টেল পৰীক্ষা। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ১৭ মে’ৰপৰা অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। উল্লেখ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৬ জুলাই অন্ত পৰিব।