♦ চৌকত আলিক আৰ্থিক সাহায্যৰো দাবী 

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত শেহতীয়াকৈ আপত্তিৰ ক্ষেত্ৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক একাংশ দুষ্ট চক্ৰই যধে-মধে এনআৰচিৰ আপত্তি দাখিল কৰি এনআৰচিৰ কাম-কাজত বাধা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্তক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে।

বিশ্বনাথ জিলা সমিতিৰ সভাপতি মুস্তাক আহমেদ, সাধাৰণ সম্পাদকদ্বয় মুস্তাফিজুৰ ৰহমান, হাফিজ মণ্ডল, সহকাৰী সম্পাদক মহিবুৰ ৰহমান, প্ৰচাৰ সম্পাদক আমিৰ খুচৰুৰ স্বাক্ষৰিত দাবী সম্বলিত স্মাৰক-পত্ৰখন জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত প্ৰদান কৰা হয়।

আপত্তিৰ ক্ষেত্ৰত আপত্তিকাৰীসকলৰ পৰিচয়, ঠিকনা, এনএছকে সেৱা কেন্দ্ৰ, ম’বাইল নম্বৰ আদি  গোপনে ৰাখি লাখ লাখ আপত্তি দাখিল কৰি শুনানিৰ সময়ত উপস্থিত নথকাটো এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে সংগঠনটোৱে।

১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা যিসকল সন্দেহজনক লোকে NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছে, তেনে লোকসকলৰ ক্ষেত্ৰত আপত্তি কৰা সন্দৰ্ভত সংগ্ৰাম পৰিষদৰ কোনো ক’বলগীয়া নাই, কিন্তু যধে মধে বৈধ নাগৰিকৰ নামত আপত্তি কৰি বিশেষকৈ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰি এচাম দুষ্ট চক্ৰই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা NRCৰ কাম-কাজ স্থবিৰ কৰাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰে সংগঠনটোৱে।

আনহাতে বিশ্বনাথ সাপ্তাহিক বজাৰত সংঘটিত হোৱা অমানৱীয়-কাণ্ডৰ ভুক্তভোগী চৌকত আলিৰ ব্যৱসায় বন্ধ হোৱাত পৰিয়াল পোহ-দিয়াত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰ তথা জিলা প্ৰশাসনক চৌকত আলিক এককালিন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ স্মাৰক-পত্ৰৰ জৰিয়তে দাবী জনাইছে সংগঠনটোৱে।