আমগুৰিঃ আমগুৰিৰ নামতিত ধোদৰ আলিত বুধবাৰে বিয়লি সংঘটিত হয় এক পথ দুর্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।

নামতি খনিকৰ গাঁৱৰ ২৩ বছৰীয়া সমীৰণ খনিকৰ নামৰ যুৱকজনে দ্ৰুতগতিৰে চলাই অহা ভেচপা স্কুটাৰখনৰ নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰি যায়। মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত যুৱকজন ঘটনাস্থলীতে নিহত হয়।

উল্লেখ্য যে, মাত্ৰ এটা মাহৰ পূৰ্বেহে বিয়া কৰাইছিল যুৱকজনে।

স্থানীয় নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ ইতিমধ্যে প্রেৰণ কৰিছে।