গুৱাহাটীঃ ঠিকাভিত্তিক টে’ট শিক্ষকসকলে বৃহস্পতিবাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কাৰ্যসূচী লৈছিল। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক প্ৰতিক্ৰিয়া আজি দেখা গ’ল।
আন্দোলনৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে প্ৰতিবাদ কৰি ‘নিজৰ প্ৰাপ্য’ ল’ব নোৱাৰে কোনো শিক্ষকে। টে’ট শিক্ষকৰ ৰঙা চকুলৈ তেওঁ হেনো কেতিয়াও ভয় নকৰে। আন্দোলনৰ পৰিৱৰ্তে শিক্ষকসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীজনে। তেওঁক হেঁচা প্ৰদান কৰি কোনেও কাম আদায় কৰিব নোৱাৰে বুলিও সকলোকে জনাই দিয়ে মন্ত্ৰীজনে। কোনো বিষয় সজ আৰু সঁচা হ’লে তেওঁ নিজে মূৰ দোৱাব বুলিও তেওঁ উল্লেখ কৰে।