ডিজিটেল ডেস্কঃ বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ অংশীদাৰ তেলেগু দেশম পাৰ্টিৰ সৈতে মনোমালিন্য হোৱাৰ খবৰ প্ৰচাৰ হৈ আহিছে ৷ মিত্ৰজোট ভংগৰ দিশে আগবাঢ়িছিল দলটোৱে৷ কিন্তু এইমূহুৰ্তত মিত্ৰজোট ভংগ নকৰে টিডিপিয়ে এই কথা জনাই দলটোৰ নেতা তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ৱাই এছ চৌদাৰিয়ে৷
লগতে তেওঁ এই কথাও জনায় যে, বাজেটক কেন্দ্ৰ কৰি দলটোৱে অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও এই মূহুৰ্তত জোঁট এৰাৰ কোনো চিন্তাচৰ্চা কৰা নাই বুলি সদৰি কৰে৷ ইফালে, দেওবাৰে এক জৰুৰি বৈঠক আয়োজন কৰে টিডিপিয়ে৷ উক্ত বৈঠকতে বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত ৰখাৰ বিষয়ে গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে দলটোৱে।