বৰপেটাঃ মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষকৰ বিৰুদ্ধে৷ একাংশ শিক্ষকে শিক্ষাদানৰ পৰিবৰ্তে ক্ষমতাক লৈ ব্যস্ত হৈ পৰাৰ সময়তে গৌৰৱোজ্বল ৭৫ বছৰ অতিক্ৰম কৰা পূব বৰপেটাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ বিৰুদ্ধে শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
বিদ্যালয়খনৰ গৰিমাত কালিমা সনাৰ চলােৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয়খনৰ দুই শিক্ষকৰ ব্যক্তিগত কাজিয়াৰ ফলস্বৰূপে কুফল ভূগিব লগা হৈছে স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰীসকল। শিক্ষকে প্ৰতিবাদ কৰাৰ ফলত ৰাইজ উদ্বিগ্ন হৈ পৰাৰ লগতে দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উচ্চতৰ মাধ্যমিকৰ ইংৰাজী বিষয়ৰ শিক্ষক আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষকৰ মাজত কিছুদিন পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাত মাৰপিট সংঘটিত হৈছিল।