গুৱাহাটীঃ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ মঙলবাৰে মৃত্যু তিথি। ১৮৬৯ চনৰ ০২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীৰ ৭৮ বছৰত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যুবৰণ কৰে৷ ৰাষ্ট্ৰ সংঘই বাপুৰ জন্মদিনটো অহিংসা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা বিশ্বৰ সকলো দেশে এই দিনটো অহিংসা দিৱস হিচাপে পালন কৰি আহিছে।

বাপুৰ মৃত্যু দিনটোতো বিশ্বই বাপুক স্মৰণ কৰে৷ মঙলবাৰে সমগ্ৰ দেশ তথা আমাৰ ৰাজ্য অসমৰ ৰাইজে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰে৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে মৃত্যু তিথি৷ এক দীঘলীয়া আন্দোলনৰ পৰিসমাপ্তিৰে ইংৰাজৰ হাতৰ পৰা দেশ স্বাধীন কৰা জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰতিবছৰে জন্ম মৃত্যু দুটা দিনত সমগ্ৰ বিশ্বই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷

প্ৰত্যেক বৰ্ষৰ ৩০ জানুৱাৰীত মৃত্যু তিথি আৰু ২ অক্টোবৰত গান্ধী জয়ন্তী দেশবাসীয়ে বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰি মহামানৱ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাপুক স্মৰণ কৰে জনসাধৰণে। উজনি-নামণিত দল-সংগঠন তথা শিক্ষানুষ্ঠান, ব্যৱসায়, চৰকাৰী-বেচৰকাৰি কাৰ্যালয়ত বাপুক শ্ৰদ্ধা যাচে। দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ দেশে স্বাধীনতা লাভ কৰিছিল।

তেওৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ আৰম্ভ হয়৷ গান্ধীয়ে কম বয়সতে ১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়৷

লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত পঢ়িব লয়। তাত ওকালতি পঢ়ি ১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ভাৰতলৈ উভতি আহে। তাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ এটি কোম্পানীত আই পৰামৰ্শ দাতা বিচাপে কাম কৰে। দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাবে প্ৰচলিত বৈষম্যৰ চিকাৰ হয় গান্ধী।

এদিন ডাৰবানৰ আদালতৰ ন্যায়ধীশে তেওক পাগুৰি খুলিবলৈ আদেশ দিছিল। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা ওলাই আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণ কালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃতীয় শ্ৰেণীলৈ পঠিয়াই দিছিল। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰে, গান্ধীয়ে ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল।

যাত্ৰাপথত কেবাবাৰো এনে বৈষম্যৰ মুখামুখি হোৱাৰ উপৰিও কেইবাখনো হোটেলতো গান্ধীক থাকিবলৈ দিয়া হোৱা নাছিল৷ গান্ধীয়ে অহিংসাৰে সকলো ঘটনাৰ মুখামুী হোৱাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰি অহিংস নীতিৰে দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক হিচাপে নেতৃত্ব দি দেশক স্বাধীন কৰিছিল৷ এইজন মহান নেতাৰ মৃত্যু দিনটোত আজি সমগ্ৰ বিশ্বই স্মৰণ কৰে৷