বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বলিৰ চৰ এম ই মাদ্ৰাছাৰ বিদ্যালয়ত আৰবী হিন্দী শিক্ষক অবিহনে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান দিয়াত অসুবিধা সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে প্ৰায় ৬ বছৰ আগতে বিদ্যালয় খনৰ আৰবী শিক্ষক গৰাকী অৱসৰ গ্ৰহণ কৰাত মাজতে এগৰাকী আৰবী শিক্ষয়িত্রীক চৰকাৰে নিযুক্তি দিছিল, যদিও তেখেতে কিছু দিনহে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়ে। পাছত অন্য এখন বিদ্যালয়লৈ বদলি হোৱা বুলি জানিব পৰা যায়।
বৰ্তমান বিদ্যালয় খনত আৰবী আৰু হিন্দী শিক্ষক অবিহনে ছাত্ৰ ছাত্ৰী সকলক পাঠদান দিয়া হৈছে। কিন্তু আৰবী, হিন্দী বিষয় শিক্ষক নথকাত ছাত্ৰ ছাত্ৰী সকলৰ ছয়মাহিলী, বছৰেকীয়া পৰীক্ষাকে ধৰি শেহতীয়া গুণোৎসৱ পৰীক্ষাত অসুবিধা সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত বৰ্তমান তিনিজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলগীয়া হোৱাত বহুতো সমস্যাৰ সৃষ্টি হৈছে।