নলবাৰীঃ নলবাৰীৰ জিলাৰ দক্ষিণ প্ৰান্তৰ কৃতী শিক্ষক, পুৰোহিত বিশ্ব নাথ শৰ্মাৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰে৷ মদন মোহন সখোৱা গাঁও নিবাসী ৫২ বছৰীয়া বিশ্ব নাথ শৰ্মা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা চিকিসাধীন অৱস্থাত গুৱাহাটীৰ নাৰায়ণা হস্পতালত অকাল মৃত্যুক আকোৱালি লয়। কৃতী শিক্ষকগৰাকীয়ে তিলানা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি বৰ্তমান চান্দুকুছি পাব্লিক হাইস্কুলত বিষয় শিক্ষক হিচাপে কাম কৰি আছিল৷
অল্পভাষী, অমায়িক সকলোৰে আপোন শিক্ষকগৰাকীৰ মৃতদেহ নিজ গৃহ আহি পোৱাৰ পিছত শোকাকুল পৰিবেশৰ সৃষ্টি হয়। শিক্ষকতা কৰা চান্দুকুছি পাব্লিক হাইস্কুললৈ নিয়া হয় তেওঁৰ মৃতদেহ। বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকা, সহকাৰী প্ৰধান শিক্ষক কুলেশ মল্ল বুজৰবৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুমুদ মল্ল বুজৰবৰুৱা, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক শৰ্মাৰ নশ্বৰদেহত পুষ্প প্ৰদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।