গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষকসকলক চাকৰি দিবৰ বাবে নহয়, শিক্ষকসকলক চাটাই কৰিবলৈহে পদ প্ৰাদেশিকীকৰণ বিল ২০১৭ গৃহীত কৰা হৈছে। এই অভিযোগ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰৰ। তেওঁ আৰু কয় যে, ২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ বিল, আৰু সংশোধনী ২০১২ আৰু ২০১৩ অধীনত যিখিনি পদ প্ৰাদেশিকীকৰণ হৈ গ’ল তাৰ পিছত ৰৈ যোৱা বিশেষকৈ সাত বছৰীয়া যোগ্যতা প্ৰাপ্ত ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণক লৈ এতিয়াও সকলোকে অন্ধকাৰতে ৰাখি থোৱা হৈছে।
১জানুৱাৰী ২০১৩ আৰু ১ আগষ্ট ২০১৪ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বকেয়া সহ দৰমহা প্ৰায় ১৬ শ কৌটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ বাতিল কৰিছিল বুলিও তেওঁ অভিযোগ কৰে।