newsnextone.com।মৰিয়নীঃ পবিত্ৰ শিক্ষক দিৱসৰ দিনা মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী ছিৰাক্ষাতি নদীত বান্ধ নিৰ্মাণ কৰে৷ আজি পুৱাৰ ভাগত মৰিয়নী বিধায়ক কুৰ্মীয়ে নিউসোনোৱাল ডাইনী গাওঁৰ ৰাইজৰ লগত একে লগে সহযোগ কৰি নগাপাহাৰৰ পৰা নামি অহা এখন সৰু নদীত শ্ৰম দান কৰি মাঠাউৰি নিৰ্মাণ কৰে৷
ক্ৰমাৎ গৰাখহনীয়া বৃদ্ধি পোৱাত সেই নদী খনৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ খেতি-মাটি নদীৰ বুকুত যাহ যাবলৈ ধৰিছে৷ সেই বিষয়ে ৰাইজে বিভাগীয় বিষয়াক কেইবাবাৰো অবগত কৰিও কোনো সঁহাৰি নোপোৱাত আজি ৰাইজে বিধায়কৰ সহায়ত হাতে কামে লাগে৷ পুৱাৰ আহাৰ হিচাপে বিধায়কে হাঁহ মাৰি ৰাইজৰ লগত একে লগে আহাৰ গ্ৰহণ কৰে৷