56
গোৱালপাৰাঃ গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালযত আজি দিনৰ ১১ বজাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷
সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে তেওলোকৰ প্ৰাপ্য গ্ৰেড পে শীঘ্ৰে মোকোলাই দিয়া আৰু জিলাখনৰ শিক্ষাখণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবেই এপ্ৰিল মাহৰ দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভি়যোগ তুলি আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰে৷