নগাঁওঃ বৰ্তমান সময়ত জনপ্ৰিয় হবীসমূহৰ অন্যতম হৈছে ফটোগ্ৰাফী ৷ ফেচবুক, টুইটাৰ আদি ছ’চিয়েল ছাইটসমূহৰ জনপ্রিয়তাই ফটোগ্রাফীৰ প্রতি মানুহক দুগুণে আকর্ষিত কৰিছে ৷ তাৰেই ফলশ্রুতিত এই ছাইটসমূহত নিতৌ আপলোড হয় লাখ লাখ ফটো।

ইয়াৰ ভিতৰত বৃত্তিসূলভ ফটোৰ তুলনাত অনানুষ্ঠানিক ফটোৱে বেছি। এইধৰণেই আপলোড কৰি বহুতেই নিজৰ ফটোগ্রাফীৰ চখ পুৰাই আহিছে। কিন্তু অনানুষ্ঠানিকভাৱে DSLR বা ম’বাইলৰ সহায়ত তোলা এই ফটোবোৰো যে হৈ উঠিব পাৰে উপাৰ্জনৰ উৎস সেই বিষয়েই বেছিভাগ মানুহেই নাজানে।

এই ক্ষেত্ৰত মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ব্যৱহাৰিক জ্ঞান দিয়া আৰু তাৰ বিকাশৰ বাবে জীৱন স্কুল অৱ ক্ৰিয়েটিভিটি এণ্ড স্কিলৰ উদ্যোগত নগাঁও চহৰত প্ৰথমবাৰলৈ আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ত অহা ২০ আৰু ২১ মে’ত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ফটোগ্ৰাফীৰ এটি ব্যৱহাৰিক পাঠ্যক্ৰম।

সর্বমুঠ ১২ ঘণ্টীয়া পাঠ্যক্রমটোৰ শিৰোনাম ‘ফটোগ্রাফী এজ লাইভলিহুড’, য’ত শিক্ষাদান কৰিব অসমৰ এগৰাকী অভিজ্ঞতাসম্পন্ন ফটোগ্রাফাৰ তথা “প্ৰথম খবৰ”ৰ আলোকচিত্ৰ সম্পাদক, IIT গুৱাহাটীৰ গৱেষক-অভিযন্তা বিক্রমজিৎ কাকতিয়ে।

পাঠ্যক্রমটোৰ নির্ধাৰিত মাচুল ৫০০ টকা যদিও ছাত্র-ছাত্রীৰ বাবে ৪০০ টকা ধার্য কৰা হৈছে। ইচ্ছুক ব্যক্তিয়ে জীৱনৰ ৱেবচাইট www.jeevanin.org ত নামভৰ্ত্তি কৰি এই পাঠ্যক্ৰমত অংশ গ্ৰহণ কৰিব পাৰে অথবা ৯৭০৬১-৮২০৪৪ নম্বৰত যোগাযোগ কৰিব পাৰে।