গুৱাহাটীঃ ৰাজ্যৰ ৪১ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত গ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত সমগ্ৰ ৰাজ্যৰ ৪১ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকে অংশগ্ৰহণ কৰে।

প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত গ্ৰহণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত প্ৰায় চাৰি শতাধিক ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকে গ্ৰহণ কৰে ধৰ্ণা কাৰ্যসূচী। দিনৰ ১১.৩০ বজাৰপৰা গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত গ্ৰহণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী।

তেওঁলোকে আজি হাতে-হাতে প্লে’ কাৰ্ড লৈ উল্লেখ কৰে ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক সকলৰ " ৭ বছৰৰ শ্ৰমদান অৱহেলা কৰি নহ’ব মহান", আমাৰ পৰিয়ালক জীয়াই থাকিবলৈ দিয়ক", "আমাক সুযোগ দিয়ক আমি সেৱা দিম" আদি বিভিন্ন শ্লোগান দিয়ে।

উল্লেখ্য যে, তেওঁলোকৰ দাবী ২০১২ চনত অসম চৰকাৰে ৰাজ্যত ঠিকাভিত্তিত নিযুক্তি দিয়া ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি "শিক্ষা অধিকাৰ আইনৰ ২৩ নং দফা" অনুসৰি নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বিত্ত সম্পাদক কুলজিৎ ঠাকুৰীয়াই কয় "কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক ৰাজ্যৰ ঠিকা টেট উত্তীৰ্ণ শিক্ষক সকলক চাকৰি নিয়মীয়া কৰিব লাগে বুলি নিৰ্দেশনা প্ৰদান কৰি আহিছে। কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নির্দেশক অৱজ্ঞা কৰি আজি সাত বছৰ ঠিকাভিত্তিক কৰি ৰাখিলে"।

লগতে তেওঁ কয় যে আমাৰ বহুতো সতীৰ্থ আজি ঠিকাভিত্তিক শিক্ষক হিচাপে মৃত্যু হ’ল। বহুতো সতীৰ্থ ইতিমধ্যে অন্য চাকৰি কৰাৰ বয়স পাৰ হৈ গৈছে। ফলত তেওঁলোকে এতিয়া বেলেগ কৰ্ম সংস্থাপনলৈ যাব নোৱাৰে। সেই বাবে আমাৰ দাবী ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ উপৰিও ঠাকুৰীয়াই গুৰুত্বসহকাৰে কয় যে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হব বুলি। কিন্তু আজি সেই প্ৰতিশ্ৰুতি দিয়াও তিনিটা বছৰ হ'ল, বিজেপি চৰকাৰখনে গ্ৰহণ নকৰিলে কোনো প্ৰদক্ষেপ। আজি আমি বাধ্যত পৰি ওলাই আহিছোঁ শ্রেণীকোঠা এৰি ৰাজপথলৈ। লগতে তেওঁ কয় আজি ধৰ্ণা কাৰ্যসূচীৰপৰা জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।আমি আশা কৰিম এই স্মাৰক পত্ৰখনৰ উত্তৰ চৰকাৰে আমাক দিব। যদি চৰকাৰে বিষয়টো সমাধান কৰাৰ বাবে আমাক ইচ্ছুক নহয় কয় তেন্তে অহা ২৯ জুন তাৰিখে ৰাজ্যৰ ৪১ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক টেট শিক্ষকে খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰৰ পৰা "দিছ্পুৰ চলৌ" কাৰ্যসূচীৰে গণতান্ত্ৰিক প্ৰতিবাদী ৰূপায়ন কৰা হ’ব বুলি। 

তাৰ পাছতো যদি চৰকাৰে বিষয়টো সমাধানৰ বাবে গুৰুত্ব নিদিয়ে তেন্তে অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হ!ব পাৰে। ভয়ংকৰ কাৰ্যসূচীৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগ দায়ী হব বুলি আজি ধৰ্ণা কাৰ্যসূচীৰ পৰাই হুচিয়াৰ কৰি দিয়ে। 

আনহাতে শিক্ষামন্ত্ৰী গৰাকীয়ে টেট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰমাণ পত্ৰ খনক "ড্ৰাইভিং লাইচেন্সৰ" লগত তুলনা কৰাৰ প্ৰসঙ্গৰ সন্দৰ্ভত বিত্ত সম্পাদক গৰাকীয়ে কয় "ড্ৰাইভাৰ সকলৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা আছে। কিন্তু আমাৰ প্ৰমাণ পত্ৰখন লাইচেন্স লগত কোনো মিল নাই। কাৰণ তেওঁ উদাহৰণ দি কয় "এটা হাঁহৰ কণী আৰু এটা জেঠী কণী কেতিয়াও একে নহয়, হাঁহৰ কণীটো খাব পাৰি কিন্তু জেঠী কণীটো খাব নোৱাৰি।" 

ইয়াৰ উপৰিও আজি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় পূৰ্বতেও আমি বহুবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ কিন্তু আমি প্ৰেৰণ কৰা স্মাৰক পত্ৰ সমূহ মূখ্যমন্ত্ৰীৰ কাৰ্যলয়লৈ নাযায়।

সেইবাবে আজি আমি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় শিক্ষামন্ত্ৰী গৰাকীয়ে আমাক ড্ৰাইভাৰৰ লগত তুলনা কৰিছে তাত আমাৰ ক্ষোভ নাই। আমাৰ মূল দাবী হ'ল আমাৰ চাকৰি নিয়মীয়া কৰা।